নিউজ ডেস্ক, 20 জুন : নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda sonowal)ৰ স্থান লাভ কৰিলে, অসমৰ বাবে এয়া এক ইতিবাচক খবৰ হ’ব । নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্ভাব্য প্ৰৱেশ সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ বিজেপি সাংসদ কুইন ওজাই ইটিভি ভাৰতৰ আগত এই কথা ব্যক্ত কৰে ৷ ইটিভি ভাৰতক দিয়া এক বিশেষ সাক্ষাৎকাৰত ওজাই কয় যে, "সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বিশাল অভিজ্ঞতা আছে আৰু তেওঁৰ প্ৰৱেশে নিশ্চিতভাৱে দেশৰ বাবে, বিশেষকৈ অসমলৈ ইতিবাচক ফলাফল আনিব ।"
উল্লেখ্য যে, অহা সপ্তাহত বহু প্ৰত্যাশিত কেবিনেট ৰদবদল হোৱাৰ আগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সোণোৱালক ৰাষ্ট্ৰীয় ৰাজধানীলৈ মাতি আনিছে । সোণোৱালৰ ঘনিষ্ঠ সূত্ৰই তেওঁ এখন মন্ত্ৰণালয় পোৱাৰ সম্ভাৱনা আছে বুলি শনিবাৰে ই টিভি ভাৰতৰ আগত সদৰি কৰে । সোণোৱালে শনিবাৰে বিয়লি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙ (DoNER Minister Dr Jitendra Singh )ক সাক্ষাৎ কৰে ।
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰণালয় (The Ministry of Development for Northeastern Region) হৈছে মোডী চৰকাৰৰ এনে এক মন্ত্ৰণালয় যি সদায়ে উত্তৰ-পূবক অগ্ৰাধিকাৰ দি কাম কৰি আহিছে । বিজেপি সাংসদগৰাকীয়ে লগতে কয় যে, "যদি সোণোৱালে ড’নাৰ মন্ত্ৰণালয় লাভ কৰে, তেন্তে উত্তৰ-পূবত এক বৃহৎ পৰিৱৰ্তন আৰু উন্নয়ন হ'ব । তেওঁৰ নেতৃত্বত মন্ত্ৰণালয়ে নিশ্চিতভাৱে এটা প্ৰকল্পৰ অনুমোদন প্ৰদান কৰাৰ লগতে ৰূপায়ণত সহায় কৰিব ৷