নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ম'ৰেকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথসমূহত অৱৰোধ আঁতৰাবলৈ আৰু ৰাজ্যজুৰি খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সুচল যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে, য'ত সম্ভৱ তাত আকাশী পথেৰে এই সামগ্ৰীবোৰ যোগান ধৰিবলৈও কয় ।
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্ডিৱালাক লৈ গঠিত এখন বিচাৰপীঠে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ৰাজ্যজুৰি খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সূচাৰুৰূপে যোগান ধৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ কয় । বিচাৰপীঠে উল্লেখ কৰে যে এটা বিকল্প হৈছে পথ অৱৰোধ উঠাই লোৱা । আৰু যদি সেয়া সম্ভৱ নহয় তেন্তে এই যোগানবোৰ আকাশীপথেৰে কৰিবলৈও নিৰ্দেশ দিয়ে ।
এগৰাকী আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে কয় যে মণিপুৰত পথ অৱৰোধ চলি আছে আৰু মানুহে ভোকত আছে । তেওঁলোকে খাদ্য-সামগ্ৰী আকাশীপথেৰে সৰবৰাহ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ।
জয়সিঙে কয় যে ম'ৰে অঞ্চলত খাদ্য নাই । সমস্যাটো হৈছে পথ অৱৰোধৰ বাবে । আনহাতে, শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত সমিতিয়ে সশস্ত্ৰ বাহিনীক অৱৰোধ আঁতৰাবলৈ নিৰ্দেশ দিব নোৱাৰে । লগতে তেওঁ খাদ্য যোগান গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে ।