নিউজ ডেস্ক, ১৬ এপ্ৰিল :পুত্ৰক এনকাউণ্টাৰৰ মাত্ৰ দুদিনৰ ভিতৰতে মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃক আততায়ীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই বৰ্তমান দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Mafia Atoq Ahmed and brother Murder Case) । বহুতে এই ঘটনাক পূৰ্ব পৰিকল্পিত ঘটনা বুলি দাবী কৰি ইয়াৰ আঁৰত উত্তৰ প্ৰদেশ আৰক্ষী জড়ি থকাৰ অভিযোগ উত্থাপন কৰিছে । আনহাতে, ঘটনা সন্দৰ্ভত প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই এই হত্যাকাণ্ডৰ তদন্তৰ বিষয়ে অৱগত কৰিছে (mafia turned politician Atiq Ahmed murder case) ।
"আতিক আহমেদ, তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক চিকিৎসাৰ বাবে নিয়া হৈছিল । তেনে সময়ত সংবাদ মাধ্যমৰ লোকক বাইট দিয়াৰ সময়ত সংবাদিকৰ ছদ্মবেশত অহা তিনিজন লোকে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । যাৰ ফলত দুয়োৰে ঘটনাস্থলীতে মৃত্যু হয় । এই ঘটনাত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক সোধা-পোছা কৰি থকা হৈছে । এই ঘটনা এজন সাংবাদিক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন কনিষ্টবলৰ গাত গুলী লাগে ।" শৰ্মাই কয়।
উল্লেখ্য, মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক ১৫ এপ্ৰিলত গুলীয়াই হত্যা কৰা হয় (Atiq Ahmed and Ashraf Ahmed murder case) । আতিক আহমেদ আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল । অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে ।
আনহাতে, প্ৰয়াগৰাজত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ গুলীচালনাৰ পিচতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ১৬ মাৰ্চত ৰাজ্যখনৰ কেইবাখনো স্থানত ফ্লেগ মাৰ্চ কৰে । ৰাজ্য চৰকাৰে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিস্থিতি বজাই ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে । নিৰাপত্তা বৃদ্ধিৰ লগতে সকলো জিলাতে ১৪৪ ধাৰাও জাৰি কৰা হৈছে ।
ইফালে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও তেওঁৰ বাসগৃহত আৰক্ষী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় (Yogi Adityanath review law and order situation) ।
উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে কয় যে শনিবাৰে নিশা মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা শ্বুটাৰসকল ঘটনাস্থলীত সাংবাদিকৰ ৰূপত আছিল । "শ্বুটাৰসকল সাংবাদিক হিচাপে ৰখি আছিল । আতিক স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱাৰ লগে লগে তেওঁলোকক আন সাংবাদিকে আগুৰি ধৰে আৰু আতিক আৰু তেওঁৰ ভাতৃৰ কাষ চাপে । এজনৰ কেমেৰা আছিল আৰু কেমেৰামেন হিচাপে ভংগীমা দি আছিল । আন এজনে মাইক লৈ ঘূৰি ফুৰিছিল । তাত এনচিআৰ নিউজ লিখা আছিল । তৃতীয়জনে দুয়োকে সহায় কৰি আছিল ।" আৰক্ষী সূত্ৰই এই কথা জনায় ।
আতিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে সাংবাদিকসকলে তেওঁলোকক প্ৰশ্ন কৰিব আৰম্ভ কৰে । আতিকে তাৰে দুটামান শাৰী ক'ব ওলাওঁতেই এজন ব্যক্তিয়ে শূন্য দূৰত্বৰ পৰা তেওঁৰ মূৰত গুলীচালনা কৰে আৰু আতিক লগে লগে বাগৰি পৰে । আন দুজনেও কেমেৰা আৰু মাইক দলিয়াই দি গুলীবৰ্ষণ আৰম্ভ কৰা বুলি সূত্ৰই উল্লেখ কৰিছে । উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ দুদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদ নিহত হয়।