নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ:জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক গ্ৰেপ্তাৰ ৷ কানাড়া বেংকৰ 538 কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক গ্ৰেপ্তাৰ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে । কেন্দ্ৰীয় সংস্থাটোৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চলোৱা জেৰাৰ অন্তত শুকুৰবাৰে ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত গোৱালক জিম্মাত লোৱা হয় ।
শনিবাৰে গোৱেলক মুম্বাইৰ বিশেষ PMLA আদালতত হাজিৰ কৰা হ’ব য’ত ইডিয়ে তেওঁৰ জিম্মাত ৰখাৰ বাবে বিচাৰিব বুলি জানিব পৰা গৈছে । চলিত বৰ্ষৰ মে’ মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (CBI) ৰুজু কৰা এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে । শুকুৰবাৰে চিবিআইয়ে জেট এয়াৰৱেজৰ অধ্যক্ষ, তেওঁৰ পত্নী আৰু অন্যান্যৰ বিৰুদ্ধে 538 কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰে ।
এজাহাৰত অভিযুক্ত হিচাপে জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেড, নৰেশ গোৱেল, তেওঁৰ পত্নী অনিতা নৰেশ গোৱেল, গৌৰাং আনন্দ শেট্টী আৰু একাংশ বৰ্তমানলৈ পৰিচয় লাভ নকৰা জনসেৱক আৰু ব্যক্তিগত ব্যক্তিৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে । এজাহাৰখনত মেচাৰ্ছ জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেড, নৰেশ গোৱেল, অনিতা নৰেশ গোৱেল, গৌৰাং আনন্দ শেট্টী আৰু ৰাজহুৱা সেৱক আদিয়ে কানাড়া বেংকৰ 538.62 কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছে ৷ উল্লেখিত লোকসকলে বেংকটোত সংঘটিত কৰা প্ৰতাৰণা, অপৰাধমূলক ষড়যন্ত্ৰ, অপৰাধমূলক আস্থা ভংগ আৰু অপৰাধমূলক অসৎ আচৰণৰ অভিযোগৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে ৷
ইয়াৰোপৰি উল্লেখ কৰা হৈছে যে জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেডৰ একাউণ্টত চলোৱা ফৰেনছিক অডিটত খেলি-মেলি আৰু ধন হৰলুকি কৰাৰ দৰে প্ৰৱঞ্চনামূলক বৈশিষ্ট্য উন্মোচিত হৈছে । ইয়াৰ পূৰ্বে বুধবাৰে ইডিয়ে জেট এয়াৰৱেজৰ প্ৰাক্তন প্ৰমোটাৰ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰত দিল্লী, মুম্বাইকে ধৰি একাধিক চহৰত অভিযান চলাইছিল ।
লগতে পঢ়ক:INDIA Alliance : বিৰোধী I.N.D.I.A মিত্ৰজোঁটৰ 13 জনীয়া সমন্বয় পেনেল ঘোষণা