আগৰতলা, 14 এপ্ৰিল:ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ মুঠ সাতটাকৈ স্থানত ইডিয়ে অভিযান চলাই ৷ সীমান্তৱৰ্তী অঞ্চল সোনামুৰা আৰু বক্সোনগৰত হাৱালাৰ জৰিয়তে জালনোট প্ৰচলন কৰাৰ খবৰ লাভ কৰাৰ পিছতে বাৰজনকৈ বিষয়াই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ লগতে আন কেতবোৰ বিত্তীয় লেনদেনৰ তদন্ত কৰা বুলি প্ৰকাশ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত এই তালাচী চলাই বুলি এক প্ৰেছ বিবৃতি যোগে ত্ৰিপুৰা আৰক্ষীয়ে প্ৰকাশ কৰে ৷
লগতে প্ৰকাশ কৰে যে,"অভিযানৰ সময়ত হাৱালাৰ এই লেনদেনত প্ৰায় 80 লাখ ভাৰতীয় টকা আৰু 30 লাখ বাংলাদেশী টকা জব্দ কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে কিছু আপত্তিজনক পত্ৰও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে অভিযান চলোৱা বিষয়া সাদাৰ ৰমেশ যাদৱে কয়, ত্ৰিপুৰা আৰক্ষীয়ে সন্দেহজনক বিত্তীয় লেনদেনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৷ বাৰজনকৈ বিষয়াই চলোৱা এই অভিযানত বহু তথ্য উদ্ধাৰ কৰা হৈছে ৷