নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাচতে শুকুৰবাৰে নিশা প্ৰায় ১ বজাত শ্ৰীনগৰৰ চানাপুৰাৰ মেথান অঞ্চলত চি আৰ পি এফ আৰু আৰক্ষীয়ে অভিযান চলায় । শনিবাৰে কাশ্মীৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, চি আৰ পি এফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে প্ৰথমে গুলীচালনা কৰে । প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱেও গুলীচালনা কৰে ।
কিছু সময়ৰ বাবে গুলীয়াগুলি অব্যাহত আছিল আৰু তাৰ পাচত গুলীচালনা বন্ধ কৰিছিল দুয়ো পক্ষই । অৱশ্যে সন্ত্ৰাসবাদীকেইটা পলায়ন কৰিবলৈ সক্ষম হয় । আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে পলায়ন কৰিলে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । অঞ্চলটোত অভিযান অব্যাহত থাকিব বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিছে ।
আনহাতে, কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই সন্দৰ্ভত জনাইছিল যে, শ্ৰীনগৰৰ মেথান অঞ্চলত দ্বিতীয়টো সংঘৰ্ষ আৰম্ভ হৈছে । আৰক্ষী আৰু চি আৰ পি এফৰ অভিযান অব্যাহত আছে ।