নেশ্যনেল ডেস্ক,15 মাৰ্চ:সোমবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ ৰাৱালপোৰা অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সৃ্ষ্টি হয় সংঘৰ্ষৰ ৷ ইয়াৰ পূৰ্বেও 13 মাৰ্চত সেনাৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ৷ এই ঘটনাত সন্ত্ৰাসবাদী নিহত হৈছিল ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতি যোগে জনোৱা অনুসৰি, নিহত সন্ত্ৰাসবাদী জন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল ৷ সন্ত্ৰাসবাদী জন শ্বোপিয়ান জিলাৰ ৰাখ নাৰাপোৰাৰ বাসিন্দা জাহাংগিৰ আহমাদ ৱানী বুলি চিনাক্ত কৰা হৈছে।
শ্বোপিয়ান আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা আৰক্ষীয়ে ৩৪ টা ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ ১৪ নং বেটেলিয়ানে অঞ্চলটোত এক যুটীয়া অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। এই অভিযানতে সন্ত্ৰাসবাদী জনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰাৰ কৰিবলৈ সক্ষম হৈছিল ৷