অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী - লস্কৰ ই তাইবা

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত উত্তেজনা অব্যাহত আছে । জিলাখনৰ শালগুল বনাঞ্চলত এক সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হয় । ঘটনাৰ পিছতে অঞ্চলটোত বন্ধ হৈ পৰে ইণ্টাৰনেট সেৱা ।

জম্মু-কাশ্মীৰৰ এক সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰৰ এক সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী

By

Published : Feb 24, 2021, 1:50 PM IST

নিউজ ডেস্ক,২৪ ফেব্ৰুৱাৰী:কাশ্মীৰত পুনৰ উত্তেজনা । দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ শালগুল বনাঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । এই সংঘৰ্ষত চাৰিজনকৈ সন্ত্ৰাসবাদী নিহত হয় । এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অনন্তনাগ জিলাত । ইতিমধ্যে জিলাখনত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । সংঘৰ্ষৰ স্থানত এতিয়াও ২-৩ জন সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে চিআৰপিএফে ।

উল্লেখ্য যে সন্ত্ৰাসবাদীয়ে সেই স্থানত বাহৰ পাতি থকাৰ খবৰ লাভ কৰি চিআৰপিএফে অঞ্চলটো ঘেৰাও কৰিছিল ৷ তাৰ পিছত দুয়োপক্ষৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল । আৰক্ষীয়ে জনোৱা মতে অনন্তনাগৰ শ্ৰীগুফৱাৰাৰ শালগুল বনাঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছিল ৷ ঘটনাস্থলীত আৰক্ষী-সেনাই অভিযান অব্যাহত ৰাখিছে ।

আনহাতে ১৯ ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰৰ শ্বপিয়ান জিলাৰ বাদগাম অঞ্চলত এক সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি)ৰ সৈতে জড়িত তিনিজন সন্ত্ৰাসবাদী নিহত হয় । শ্বপিয়ানত হোৱা সংঘৰ্ষৰ সময়ত এজন বিশেষ আৰক্ষী বিষয়া আৰু আৰক্ষী কৰ্মী আহত হৈছিল ।

লগতে পঢ়ক:পেট্ৰ’লিয়ামৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সকলোকে

ABOUT THE AUTHOR

...view details