নেশ্যনেল ডেস্ক,১০ আগষ্ট :হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে । ঘটনাত জড়িত লোকক বিচাৰিও আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে অভিযুক্তই আত্মগোপন কৰি থকা স্থানত গুলীচালনা । অভিযানলৈ যোৱা তাভডু চিআইএ দলৰ ওপৰত গুলীচালনা কৰাৰ তথ্য পোহৰলৈ আহিছে ।
বুধবাৰে নিশা তাভডুৰ চিআইএ দলে তথ্য লাভ কৰে যে ৩১ জুলাইৰ সমদলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত দুজন অভিযুক্ত নুহ ৰোডৰ চিখোৰ কাষৰ আৰাৱলী পাহাৰত লুকাই আছে । আৰক্ষীৰ দলটো অভিযুক্তসকলৰ সেই স্থানত উপস্থিত হোৱাৰ সময়তে দুৰ্বৃত্তই গুলীচালনা কৰে । আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে । গুলীচালনাত এজন অভিযুক্তৰ ভৰিত গুলী লাগে আৰু আঘাতপ্ৰাপ্ত অৱস্থাত অভিযুক্তজনক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ।
আহত অভিযুক্তজন গুয়াৰকা গাঁৱৰ বাসিন্দা মুনফেড বুলি চিনাক্ত হৈছে । মুনফেডৰ সোঁ ভৰিত গুলী লাগে । একে সময়তে, শেকুল নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আহত মুনফেডক নুহ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । নালহাৰ চিকিৎসা মহাবিদ্যালয়ত আৰক্ষীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে ।