নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ :জন্মু-কাশ্মীৰৰ ভিন্ন অঞ্চলত প্ৰায়ে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পায় ৷ বিগত কিছুদিন পূৰ্বে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা সংঘটিত হৈছিল ৷ পুনৰায় দেওবাৰে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰাৰ বাৰাগাম অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত নিহত হৈছে এটা সন্ত্ৰাসবাদী ৷
"বাৰাগাম অৱন্তীপোৰাত গুলীচালনা আৰম্ভ হৈছিল । ইয়াত এটা সন্ত্ৰাসবাদী নিহত হৈছে । অভিযান অব্যাহত থাকিব", এইদৰে টুইটযোগে গুলীচালনা সংঘটিত হোৱাৰ কথা সদৰী কৰে আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰে ৷ এই অভিযানত আৰক্ষীৰ লগতে নিৰাপত্তাবাহিনী নিয়োজিত হৈ আছে বুলি প্ৰকাশ কৰে ৷