নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হ'ল ৩ জনকৈ সন্ত্ৰাসবাদী । জিলাখনৰ ইমামচাহাব অঞ্চলৰ তুলাৰণত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাচতে সোমবাৰে নিৰাপত্তা বাহিনীয়ে অভিযান চলায় । অভিযানৰ সময়তে দুয়োপক্ষই গুলীচালনা কৰে । মঙলবাৰে পুৱা লস্কৰ-ই-তৈবাৰ ৩ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য আৰক্ষীয়ে সদৰী কৰে ।
ইয়াৰ পাচতে অভিযানৰ অন্ত পৰে । নিৰাপত্তা বাহিনীয়ে এই অভিযানক এক বৃহৎ সাফল্য বুলি কৈছে, কিয়নো সন্ত্ৰাসবাদীকেইটা বিভিন্ন অপৰাধজনিত কাৰ্যকলাপৰে জড়িত আছিল । জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীকেইজনৰ ভিতৰত এজন গান্দেৰবালৰ মুখতাৰ শ্বাহ বুলি জানিব পৰা হৈছে । শেহতীয়াকৈ শ্ৰীনগৰত বিহাৰৰ বীৰেন্দ্ৰ পাছোৱান নামৰ এজন হকাৰক হত্যা কৰিত শ্বপিয়ানত আত্মগোপন কৰি আছিল মুখতাৰে ।