নেশ্যনেল ডেস্ক, ২১ আগষ্ট: জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে অৱন্তীপোৰা জিলাৰ নাগবায়েৰাণ ট্ৰালৰ বনাঞ্চলত সেনা-আৰক্ষীৰ যুটীয়া অভিযানকাৰী দল আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে জানিবলৈ দিয়া মতে, এই সংঘৰ্ষত তিনিজনকৈ সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীকেইজন জইছ-ই-মহম্মদৰ সদস্য ৷
বৰ্তমানেও সেনা আৰু আৰক্ষীয়ে উক্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে পুলৱামা জিলাৰ খ্ৰিও পাম্পোৰ অঞ্চলত সেনাৰে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয় । খ্ৰিওত নিহত দুই সন্ত্ৰাসবাদীৰ মাজৰে এজন চলিত বৰ্ষৰ ২৩ জুলাইত পাষ্টুনাৰ এখন চৰকাৰী বিদ্যালয়ত এগৰাকী পিয়নৰ হত্যাকাণ্ডৰে জড়িত আছিল ।