অসম

assam

ETV Bharat / bharat

Encounter at Shopian : জম্মু-কাশ্মীৰত পুনৰ নিহত সন্ত্ৰাসবাদী - জম্মু কাশ্মীৰত পুনৰ নিহত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ । এনকাউণ্টাৰত নিহত এটা সন্ত্ৰাসবাদী (Militant killed in Shopian)। দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত ।

Encounter at Shopian
কাশ্মীৰত পুনৰ নিহত সন্ত্ৰাসবাদী

By

Published : Apr 14, 2022, 9:14 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল :জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ (Encounter in Jammu and Kashmir) । দক্ষিণ কাশ্মীৰৰ ছ’পিয়ান জিলাৰ জয়নাপোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি । এনকাউণ্টাৰত নিহত এটা সন্ত্ৰাসবাদী (Militant killed in Shopian)।

উল্লেখ্য যে বৃহস্পতিবাৰে বিয়লিৰ ভাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় (Firefight between militants and security forces in Shopian)। কেইবাজনীয়া এটা সন্ত্ৰাসবাদীৰ দলে বাদিগাম অঞ্চলত মানুহৰ ঘৰত আত্মগোপন কৰি থকাৰ এক তথ্য আৰক্ষীয়ে লাভ কৰিছিল । তাৰ পাছতে আৰক্ষী, ভাৰতীয় সেনা, চিআৰপিএফ বাহিনীৰ এটা যুটীয়া দলে অঞ্চলটো ঘেৰাও কৰে ।

পৰৱৰ্তী সময়ত আৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীও গুলীচালনা কৰে । আৰক্ষীয়ে জনোৱা মতে এই গুলীচালনাত এটা সন্ত্ৰাসবাদী নিহত হৈছে । অৱশ্যে সন্ত্ৰাসবাদীটো কোনটো সংগঠনৰ এতিয়া পোহৰলৈ অহা নাই ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ সংখ্যা ৩-৪ জন হ'ব । ইফালে দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :অন্ধ্ৰ প্ৰদেশৰ এলুৰুত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৬, আহত ১৩

ABOUT THE AUTHOR

...view details