নেশ্যনেল ডেস্ক,২ এপ্ৰিল:জম্মু-কাশ্মীৰৰ পুলৱামাত পুনৰ নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । শুকুৰবাৰে এই সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন সাধাৰণ নাগৰিক আহত হয় । ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনা অব্যাহত আছে ।
পুলৱামাৰ কাকাপোৰাত সন্ত্ৰাসবাদী থকাৰ খবৰ লাভ কৰাৰ পিছতে নিৰাপত্তাবাহিনীয়ে পুৱাই সমগ্ৰ অঞ্চল ঘেৰাও কৰি অভিযান চলাইছিল । অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই অৱগত কৰিছে । সূত্ৰৰ পৰা জানিব পৰা মতে তিনিজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সেই অঞ্চলটোত আত্মগোপন কৰি আছিল । ইতিমধ্যে পুলৱামাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।
আনহাতে বৃহস্পতিবাৰে শ্ৰীনগৰৰ নৌগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা আনৱাৰ খানৰ এগৰাকী গৃহৰক্ষী নিহত হয় । প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে খানৰ আৱাসিক নিৰাপত্তাৰক্ষীৰ ওপৰত চাৰিজনীয়া সন্ত্ৰাসবাদীৰ এটা দলে আক্ৰমণ কৰিছিল ।