নিউজ ডেস্ক, 21 আগষ্ট : জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত আকৌ গুলীচালনা ৷ দেওবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সূত্ৰপাত হয় এক সংঘৰ্ষৰ ৷ দেওবাৰৰ পৰা বৰ্তমান পৰ্যন্ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদী গোটৰ মাজত চলি আছে এই গুলীচালনাৰ ঘটনা ৷ অৱশ্যে এতিয়ালৈকে কোনো লোক আহত বা নিহত হোৱাৰ খবৰ লাভ কৰা নাই ৷ এই কথা সদৰী কৰিছে আৰক্ষীয়ে ৷
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে X (পূৰ্বৰ টুইটাৰ)ত উল্লেখ কৰে, "পুলৱামাৰ লাৰ’-পৰিগাম অঞ্চলত গুলীচালনা আৰম্ভ হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিজ নিজ কৰ্তব্য পালন কৰি আছে ৷ দুয়োপক্ষৰ পৰা কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই । এই গুলীচালনা সংঘটিত হোৱা স্থানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলক মোতায়ন কৰা হৈছে’’ ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহতো আৰক্ষী আৰু সন্ত্ৰাসবাদী গোটৰ মাজত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷ ফলত বাৰামুল্লাত সন্ত্ৰাসবাদী গোটৰ এজন নিহত হোৱাৰ বিপৰীতে ৰাজৌৰীৰ কাণ্ডি বনাঞ্চলত হোৱা গুলীচালনাত সেনাবাহিনীৰ পাঁচজন লোক শ্বহীদ হৈছিল । সঘনে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে । চলিত বৰ্ষৰ মে’ মাহতে G-২০ ৰ বৈঠকৰ মাজতে অনন্তনাগত ভাৰতীয় নিৰাপত্তা বাহিনীক গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে ।
নিৰাপত্তা বাহিনীৰ এজন শীৰ্ষ বিষয়াই উল্লেখ কৰে যে বৰ্তমান দক্ষিণ কাশ্মীৰত অব্যাহত আছে তালাচী অভিযান ৷ লগতে এই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ কোৱাডকপ্টাৰ (Quadcopter) ব্যৱহাৰ কৰা হৈছে । কোৱাডকপ্টাৰ হৈছে এক বিশেষ ধৰণৰ ড্ৰোণ ।