নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী:ছত্তিশগড়ৰ সুকমাত শনিবাৰে নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় (Encounter between security forces and naxals) ৷ এই সংঘৰ্ষত তিনি সেনা জোৱান থিতাতে মৃত্যুৰ মুখত পৰে (3 jawans martyred) আনহাতে দুজন সেনা গুৰুতৰভাৱে আহত হৈছে ৷
সুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই (SP Sunil Sarma) এই এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত কয় যে, ডিআৰজিৰ এটা অভিযানকাৰী দলে শনিবাৰে পুৱা প্ৰায় 9 বজাত সুকমাৰ জাগৰগুণ্ডাত এক তালাচী অভিযান চলাইছিল (Encounter In Jagargunda) ৷ এই তালাচী অভিযান চলি থকাৰ সময়তে নক্সালবাদী দল এটাই নিৰাপত্তাৰক্ষীৰ দলটোলৈ উদ্দেশ্যি গুলীবৰ্ষণ আৰম্ভ কৰে ৷
লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোও প্ৰত্যুত্তৰত নক্সালবাদী দলটোলৈ গুলীচালনা কৰে ৷ ফলত দুয়োটা দলৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় ৷ এই গুলীবৰ্ষণত তিনি আৰক্ষী জোৱান থিতাতে নিহত হোৱাৰ লগতে দুজন সেনা জোৱান আহত হয় ৷ মৃত জোৱানকেইজন এএছআই ৰামুৰাম নাগ, সহকাৰী কনিষ্টবল কুঞ্জম যোগা আৰু জোৱান ৱঞ্জম ভীম বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে ৬ ৰ পৰা ৭ টাকৈ নক্সালবাদী নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে (Many naxals death in Encounter) ৷