নেশ্যনেল ডেস্ক,৫ জানুৱাৰী : জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত অঞ্চলটোত স্থিৰতা আহিছে বুলি চৰকাৰ তথা প্ৰশাসনে দাবী কৰিছে । কিন্তু এতিয়াও বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে । সন্ত্ৰাসবাদীও অঞ্চলভেদে সক্ৰিয় হৈ থকা দেখা গৈছে । যাৰ বাবে প্ৰায়ে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি আছে ।
জম্মু আৰু কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চোটিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে । এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । নিহত সন্ত্ৰাসবাদীটো চেক চোলানৰ বাসিন্দা বিলাল আহমেদ ভাট বুলি চিনাক্ত হৈছে । সন্ত্ৰাসবাদী সংগঠন এলইটিৰ সৈতে জড়িত আছিল বিলাল । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ।
আৰক্ষী সূত্ৰৰ মতে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল বিলাল আহমেদ । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে চিৰিজৰ ৰাইফল, ৩ টা মেগজিনসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে । অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰিছে ।