অসম

assam

ETV Bharat / bharat

নয়ডাত আৰক্ষীৰ গুলীত আহত গো হত্যাত জড়িত দুৰ্বৃত্ত - ADCP of Noida

নয়ডাত আৰক্ষীৰ গুলীত আহত গো-হত্যাত জড়িত এজন দুৰ্বৃত্ত । দানকৌৰ আৰক্ষী থানা অঞ্চলৰ আট্টা ফতেহপুৰ গাঁৱৰ ওচৰত গো হত্যা কৰাৰ পিছতেই অভিযান চলোৱাত আহত হয় আত্তা ফতেহপুৰ গাঁৱৰ বাসিন্দা তাজু (cow slaughter injured in Noida) ।

cow slaughter injured in Noida
নয়ডাত আৰক্ষীৰ গুলীত আহত গো হত্যাত জড়িত দুৰ্বৃত্ত

By

Published : Sep 18, 2022, 6:26 PM IST

নেশ্য়নেল ডেস্ক,১৮ছেপ্টেম্বৰ: নয়ডাত শনিবাৰে নিশা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত গো-হত্যাত জড়িত এজন দুৰ্বৃত্ত আহত হয় (cow slaughter injured in Greater Noida )। আৰক্ষীয়ে এই বিষয়ে সদৰি কৰি কয় যে উক্ত ঘটনাত জড়িত আন তিনিজন দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

সহকাৰী আৰক্ষী উপায়ুক্ত (ADCP of Noida)বিশাল পাণ্ডেই এই সন্দৰ্ভত কয় যে, দানকৌৰ থানাৰ ফৰ্মুলা ৱান আউট প'ষ্টৰ আৰক্ষীয়ে (Formula One outpost of Dankaur police station)শনিবাৰে নিশা দুৰ্বৃত্তই অবৈধ গৰু হত্যা কৰাৰ বিষয়ে তথ্য লাভ কৰে । দানকৌৰ আৰক্ষী থানা অঞ্চলৰ আট্টা ফতেহপুৰ গাঁৱৰ ওচৰত গো হত্যা কৰাৰ পিছতেই অভিযান চলায় ।

সহকাৰী আৰক্ষী উপায়ুক্ত পুনৰ কয় যে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তকেইজনক বাধা দিবলৈ চেষ্টা কৰে । কিন্তু তেওঁলোকে এই বাধা নামানি আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ইয়াৰ পিছতেই আৰক্ষীয়ে গুলীৰে প্ৰত্য়ুত্তৰ দিয়াত এজন দুৰ্বৃত্ত আহত হয় (cow slaughter injured in Noida) । এই ঘটনাৰ পিছতে আৰক্ষীয়ে আহত লোকজনক আত্তা ফতেহপুৰ গাঁৱৰ বাসিন্দা তাজু বুলি চিনাক্ত কৰে । আৰক্ষীয়ে ইতিমধ্য়ে অভিযান তীব্ৰতৰ কৰিছে।

লগতে পঢ়ক:60 গৰাকী ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ ভাইৰেল: 8 ছাত্ৰীৰ আত্মহননৰ চেষ্টা

ABOUT THE AUTHOR

...view details