নিউজ ডেস্ক, 7 নৱেম্বৰ: মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ মালখেড়ী জংঘলত শুকুৰবাৰে নিশা বালাঘাট আৰক্ষী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী মহিলা নক্সালবাদী আৰক্ষীৰ গুলীত নিহত হয় ৷ তদুপৰি ঠায়ে ঠায়ে তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আৰু দুটা নক্সালবাদী আহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনাৰ পিছৰে পৰা আৰক্ষীৰ দলে আহত নক্সালবাদীক বিচাৰি ঘন অৰণ্যত তালাচী অভিযান অব্যাহত ৰাখিছে ৷ নিহত মহিলা নক্সালবাদীৰ পৰা আৰক্ষীয়ে এটা দুই নলীৰ 12 ব‘ৰৰ বন্দুক উদ্ধাৰ কৰে যদিও বৰ্তমানলৈকে মহিলা নক্সালবাদী গৰাকীৰ পৰিচয় উদ্ধাৰ কৰি্বলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
মধ্যপ্ৰদেশত আৰক্ষী-নক্সালবাদীৰ সংঘৰ্ষত নিহত মহিলা নক্সালবাদী - মহিলা নক্সালবাদী নিহত
মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ মালখেড়ী জংঘলত শুকুৰবাৰে নিশা বালাঘাট আৰক্ষী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী মহিলা নক্সালবাদী আৰক্ষীৰ গুলীত নিহত হয় ৷ তদুপৰি ঠায়ে ঠায়ে তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আৰু দুটা নক্সালবাদী আহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
মধ্যপ্ৰদেশত আৰক্ষী-নক্সালবাদীৰ সংঘৰ্ষত নিহত মহিলা নক্সালবাদী
জিলাখনৰ আৰক্ষী অধীক্ষক অভিষেক তিৱাৰীয়ে ঘটনাৰ বিৱৰণ দি কয় যে, 6 নৱেম্বৰৰ মাজ নিশা আৰক্ষীয়ে এক গোপন সুত্ৰে খবৰ লাভ কৰি এই অভিযান চলাইছিল ৷ আৰক্ষীয়ে খবৰ লাভ কৰা মতে, 12 জনীয়া নক্সালবাদীৰ এটা দলে গাঁৱত খাদ্য সামগ্ৰী বিচাৰি গাঁওবাসীক হাৰাশাস্তি কৰি আছিল ৷ তাৰ পাছতে আৰক্ষীৰ দলে গাঁৱখনত উপস্থিত হৈ অঞ্চলটো ঘেৰি নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলায় ৷