চৰকাৰে সদনত আগবঢ়োৱা শেহতীয়া তথ্য অনুসৰি লক্ষ লক্ষ ভাৰতীয়ই ন্যায় পাবলৈ প্ৰতীক্ষা কৰি থাকিব লগীয়া হৈছে ৷ আনহাতে দেশৰ নিম্ন আদালতত দশকৰ পাচত দশকজুৰি ৩.৮ কোটিতকৈও অধিক গোচৰ ওলমি আছে আৰু ইফালে ২৫ খন উচ্চ ন্যায়ালয়ত ৫৭ লাখতকৈও অধিক গোচৰ নিস্পত্তি নোহোৱাকৈ পৰি আছে ৷
এনে হোৱাৰ অন্তৰালত কেইবাটাও কাৰণ আছে যদিও ব্যাপক হাৰত ন্যায়াধীশ সকলৰ পদ সমূহ পূৰণ নোহোৱাকৈ পৰি থকা বিষয়টো দেশৰ নাগৰিক সকলক ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ৷ সম্প্ৰতি সমগ্ৰ দেশজুৰি উচ্চ ন্যায়ালয়বোৰত ৪০ শতাংশ পদ খালী হৈ আছে ইয়াৰ বিপৰীতে ২০ শতাংশ পদ এতিয়াও পূৰণ হ’বলৈ বাকী আছে দেশৰ নিম্ন আদালত সমূহত ৷
ক’ভিড-১৯ অৰ কালচোৱাত আক্ষৰিক অৰ্থতে এক অচলাৱস্থাৰ গৰাহত পৰিব লগা হোৱা ভাৰতীয় ন্যায় প্ৰদান ব্যৱস্থাই ন্যায়াধীশ সকলৰ ব্যাপক অভাৱৰ সৈতে যুঁজিব লগা হৈছে ৷ যোৱাটো বৰ্ষলৈকে উচ্চতম ন্যায়ালয়কে ধৰি ২৫ খন উচ্চ ন্যায়ালয়ৰ বাবে অনুমোদিত মুঠ ১,০৮০ জন ন্যায়াধীশৰ ভিতৰত ৪৪১ টা অৰ্থাৎ প্ৰায় ৪০ শতাংশ পদেই পূৰণ নোহোৱাকৈ আছিল ৷
তদুপৰি, উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয় সমূহত পূৰণ হৈ থকা মুঠ ৬৬১ টা পদৰ ভিতৰত ২৫৫ অৰ্থাৎ প্ৰায় ৪০ শতাংশ ন্যায়াধীশক বিগত তিনিটা বৰ্ষত নিযুক্তি দিয়া হৈছে ৷ তাকো, ইয়াৰে সৰহভাগক নিযুক্তি দিয়া হৈছে ক্ৰমে ২০১৮ আৰু ২০১৯ চনৰ ভিতৰত ৷
আনহাতে ২০২০ চনত কোনো এজন ন্যায়াধীশকে দেশৰ উচ্চতম ন্যায়ালয়খনত আৰু আন ১০ খন উচ্চ ন্যায়লয়ত নিযুক্তি দিয়া হোৱা নাছিল ৷ ইয়াৰ বিপৰীতে বিগত বছৰটোত ৬৬ জন ন্যায়াধীশক আন ১৫ খন ন্যায়ালয়ত নিযুক্তি প্ৰদান কৰা হৈছিল ৷ অৱশ্যে এই পৰিস্থিতি তুলনামূলকভাৱে উচ্চতম ন্যায়ালয়ত ভাল ৷ কিয়নো উচ্চতম ন্যায়ালয়ত মুঠ ৩৪ জন ন্যায়াধীশৰ ভিতৰত মাত্ৰ চাৰিটা পদহে খালী হৈ আছে ৷ কিন্তু বৰ্তমান কৰ্তব্যৰত ৩০ জন ন্যায়াধীশৰ ভিতৰত অৰ্ধেক সংখ্যকে ২০১৮ আৰু ২০১৯ চনৰ কালচোৱাত নিযুক্তি প্ৰদান কৰা হৈছিল ৷
উচ্চ ন্যায়ালয় সমূহত খালী হৈ আছে ৪০ শতাংশ পদ
দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ত মুঠ ন্যায়াধীশৰ পদৰ সংখ্যা হ’ল ১০৮০ জন আৰু এওঁলোকে প্ৰায় ১৩৮ কোটি ভাৰতীয়ক সেৱা আগবঢ়ায় ৷ কিন্তু পৰিতাপৰ বিষয়টো হ’ল, বিগত বছৰটোত মুঠ অনুমোদিত পদ সমূহৰ ভিতৰত ৪১৫ টা পদেই (৪০ শতাংশ) আছিল খালী ৷
আনকি ইয়াতকৈও উদ্বেগজনক কথাটো হ’ল দেশৰ ৭ খন উচ্চ ন্যায়ালয়ে প্ৰায় অৰ্ধেক সংখ্যক বা তাতকৈও কম সংখ্যক ন্যায়াধীশেৰে বিচাৰ কাৰ্য পৰিচালনা কৰি থাকিব লগীয়া হৈছে ৷ পাটনা উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বিগত বছৰটোত মুঠ ৫৩ টা অনুমোদিত পদৰ ভিতৰত ৩২ টা পদেই পূৰণ নোহোৱাকৈ আছিল ৷ অৰ্থাৎ, মাত্ৰ ২১ জন ন্যায়াধীশেৰে ন্যায়ালয়খনে কাৰ্য পৰিচালনা কৰিব লগীয়া হৈছিল ৷
ঠিক একেদৰেই কলিকতা উচ্চ ন্যায়লয়ৰ ক্ষেত্ৰত দেখা গৈছিল যে মুঠ ৭২ জন ন্যায়াধীশৰ ভিতৰত ৪০ টা পদ আছিল খালী আৰু এই সংখ্যা হ’ল মুঠ অনুমোদিত পদৰ ৫৫ শতাংশতকৈও বেছি ৷
আনহাতে ৰাজস্থান উচ্চ ন্যায়ালয়ত ৫০ টা পদৰ ভিতৰত ২৭ টা পদ আছিল খালী আৰু যোধপুৰ আৰু জয়পুৰত উচ্চ ন্যায়ালয়ৰ দুখন বিচাৰপীঠত মাত্ৰ ২৩ জন বিচাৰকে কাৰ্য পৰিচালনা কৰিছিল ৷
ইফালে বিগত বৰ্ষত মধ্য প্ৰদেশত অনুমোদিত মুঠ ৫৩ টা পদৰ ভিতৰত ২৬ টা পদ আছিল খালী ৷ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত ৩৭ টা পদৰ ভিতৰত ১৮ টা পদ খালী হৈ আছিল আৰু এই সংখ্যা আছিল দুয়োখন ন্যায়ালয়ৰে সামগ্ৰিক ক্ষমতাৰ অৰ্ধেক ৷
বুধবাৰে চৰকাৰে সদনত উপস্থাপন কৰা তথ্য অনুসৰি ঠিক একেই ছবি এখন দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজধানী চহৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰতো ৷ দেশৰ ৰাজধানীখনত সেৱা আগবঢ়োৱা উচ্চ ন্যায়লয়খনত যোৱাটো বৰ্ষলৈকে মুঠ ৬০ টা পদৰ বিপৰীতে মাত্ৰ ৩১ টা পদহে পূৰণ হৈ আছিল ৷