নেচনেল ডেস্ক, 8 এপ্ৰিল :প্ৰতিজন সফল ব্যক্তিৰ আঁৰত তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু এটা সুদীৰ্ঘ পৰিক্ৰমা জড়িত হৈ থাকে৷ আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে কথা পাতিম যাৰ অসাধাৰণ যাত্ৰাই অনুপ্ৰাণিত কৰিব আপোনাকো ৷ এসময়ত গাঁৱত ছাগলী চৰোৱা কাৰ্যত জড়িত লৈ থকা লোকজন বৰ্তমান এগৰাকী দক্ষ আইএএছ বিষয়া (Man became an IAS by grazing goats) । এই আইএএছ বিষয়াগৰাকীয়ে সামাজিক মাধ্যমত কৰা এটা আৱেগিক পোষ্টৰ বাবে এতিয়া বাতৰিৰ শিৰোনামা দখল কৰিছে ।
বিষয়াগৰাকীয়ে তেওঁৰ শৈশৱৰ এটা কাহিনী সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷ তেওঁৰ এই বিশেষ পোষ্টতো পঢ়াৰ পিছত প্ৰতিজন পঢ়ুৱৈ আৱেগিক হৈ পৰিছিল । তেওঁৰ টুইটৰ পিছত, বহুতো ব্যৱহাৰকাৰীয়ে তেওঁক প্ৰশংসাও কৰা দেখা গৈছে ৷ আইএএছ বিষয়া ৰাম প্ৰকাশে কয় যে, ২০১৮ চনৰ ষষ্ঠ প্ৰচেষ্টাত তেওঁ আইএএছ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল৷ বাৰাণসীৰ পৰা তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল ।
তেওঁ তেওঁৰ শৈশৱৰ স্মৃতি প্ৰকাশ কৰি (Emotional story of Ram Prakash ) লিখিছে '' ২০০৩ চনৰ জুন মাহত আমি ৫-৬ জন লোক ছাগলী চৰাবলৈ গৈছিলো । তাতে আম গছৰ ডালত ওলমি আমি খেলা-ধুলা কৰিছিলো । হঠাতে এদিন গছৰ ডাল এটা ভাঙি গ'ল । আমাৰ কাৰো একো আঘাত হোৱা নাছিল যদিও মাৰ খোৱাৰ পৰা বাচিবলৈ, আমি একেলগে গছৰ ডালটোৱে উঠাই আনিছিলো, যাতে কোনেও নাজানে যে গছৰ ডালটো ভাঙিছে নে নাই । ''