অসম

assam

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:54 PM IST

ETV Bharat / bharat

Sanatan Dharma controversy : উধায়ানিধি ষ্টেলিনৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ

সনাতন ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত তামিলনাডু মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা কেবিনেট মন্ত্ৰী উধায়ানিধি ষ্টেলিন । ষ্টেলিনৰ বিৰুদ্ধে প্ৰাক্তন ন্যায়াধীশ আৰু আমোলাসহ ২৬০ গৰাকীতকৈও অধিক লোকে উচ্চতম ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰে ।

Sanatan Dharma controversy
উধায়ানিধি ষ্টেলিনৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ

নেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ :সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছতে তামিলনাডুৰ মন্ত্ৰী উধায়ানিধি ষ্টেলিনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে । প্ৰাক্তন ন্যায়াধীশ আৰু আমোলাসহ ২৬০ গৰাকীতকৈও অধিক বিশিষ্ট নাগৰিকে এইবাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ পত্ৰ লিখি ডিএমকে নেতা উধায়ানিধি ষ্টেলিনৰ সনাতন ধৰ্ম নিৰ্মূলৰ মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে । মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ এন ধিংৰাকে ধৰি স্বাক্ষৰকাৰীসকলে কয় যে ষ্টেলিনে কেৱল ঘৃণামূলক ভাষণ দিয়াই নহয় তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈও অস্বীকাৰ কৰিছে ।

২৬২ গৰাকী লোকে প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে ষ্টেলিনৰ মন্তব্যক লৈ তেওঁলোক গভীৰভাৱে চিন্তিত আৰু এই মন্তব্যবোৰ ভাৰতৰ এক বৃহৎ জনসংখ্যাৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু ভাৰতৰ সংবিধানৰ মূল অংশত আঘাত কৰে য'ত ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে । পত্ৰখনত কোৱা হৈছে যে দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ সংৰক্ষণৰ বাবে পদক্ষেপৰ প্ৰয়োজন ।

পত্ৰখনত কোৱা হৈছে যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ অস্বীকাৰ কৰিছে আৰু আদালতৰ আদেশ অৱমাননা কৰি কাম কৰিছে আৰু যিয়ে আইনৰ শাসন ব্যৱস্থাক গুৰুতৰভাৱে উপহাস কৰিছে বুলিও তেওঁলোকে অভিযোগ কৰে ।

পত্ৰখনৰ জৰিয়তে তামিলনাডু চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বাবে নিৰ্ণায়ক পদক্ষেপ ল'বলৈও তেওঁলোকে আহ্বান জনায় । তেওঁলোকৰ আবেদনৰ চিন্তাশীল বিবেচনাৰ আশা কৰাৰ লগতে ন্যায় আৰু আইনৰ শাসন বিৰাজ কৰাটো নিশ্চিত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁলোকে পত্ৰখনৰ জৰিয়তে অনুৰোধ জনায় । শনিবাৰে চেন্নাইত তামিলনাডু প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এণ্ড আৰ্টিষ্টছ এছ'চিয়েশ্যনৰ এখন সভাত ডিএমকে নেতাগৰাকীয়ে সনাতন ধৰ্মক ক'ৰণা, মেলেৰিয়া আৰু ডেংগুৰ সৈতে তুলনা কৰি কয় যে এনে ধৰণৰ বিষয়ৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে নিৰ্মূল কৰা উচিত ।

লগতে পঢ়ক :DMK leader on Santana Dharma : সনাতন ধৰ্মক লৈ ডিএমকে নেতাৰ বিস্ফোৰক মন্তব্য, বিষয়টোক লৈ দূৰত্ব বজাই ৰাখিছে কংগ্ৰেছে

ABOUT THE AUTHOR

...view details