নিউজ ডেস্ক, ২৫ জুন: ১৩০ বিলিয়নৰো অধিক জনসংখ্যা থকা ভাৰতক আধুনিক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱ্যস্থা হিচাপে গণ্য কৰা হয় । ১৯৫০ চনৰ পৰা ভাৰত ফেডাৰেল গণৰাজ্য হিচাপে আছে আৰু গণতান্ত্ৰিক সংসদীয় ব্যৱস্থাৰে পৰিচালিত হৈ আছে । প্ৰতিবাৰেই নিৰ্বাচনত ভোট দি পছন্দৰ জন প্ৰতিনিধি নিৰ্বাচিত কৰি দেশৰ জনগণে নিজৰ গণতান্ত্ৰিক চেতনা জীয়াই ৰাখিছে । ভাৰতক বহুতে গণতান্ত্ৰিক মূল্যবোধৰ এক উৎকৃষ্ট উদাহৰণ বুলি ভাৱে যদিও দেশবাসী কিছুমান ক'লা অধ্যায়ৰো সাক্ষী ।
অন্ধকাৰেৰে ভৰা এক অতীত, যি আজিও আমাক আতংকিত কৰি ৰাখে আৰু আমি কিয় গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিব লাগে তাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰে । ৪৫ বছৰ পূৰ্বে ১৯৭৫ চনত, ভাৰতে আটাইতকৈ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল, যেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল । তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ভাৰতীয় সংবিধানৰ ৩৫২(১) নং অনুচ্ছেদৰ অধীনত জৰুৰীকালীন অৱস্থা জাৰি কৰে । ১৯৭৫ চনৰ ২৫ জুনৰ পৰা আৰম্ভ কৰি ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে ২১ মাহ ধৰি বাহাল আছিল জৰুৰী অৱস্থা ।
প্ৰধানমন্ত্ৰীৰ পদ ত্যাগৰ দাবী জনাই ১৯৭৫ চনৰ ২৫ জুনৰ সন্ধিয়া জে পি নাৰায়ণে আইন অমান্য আন্দোলনৰ আহ্বান জনায় । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে, আভ্যন্তৰীণ সুৰক্ষা আইন ৰক্ষণাবেক্ষণৰ কৰ্তৃত্ব ব্যৱহাৰ কৰি ২৬ জুনৰ পুৱাই প্ৰধানমন্ত্ৰী গান্ধী আৰু তেওঁৰ দলৰ বিৰোধিতা কৰা ১০০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা লোকসকলৰ ভিতৰত আছিল জে পি নাৰায়ণ, ৰাজ নাৰায়ণ, জ্যোৰ্তিময় বসু (communist party-marxist), জনসংঘৰ সভাপতি সমাৰ গুহ ।
ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰা সময়ৰ কিছু নজনা কথা কি কাৰণে প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে সেই প্ৰাৰম্ভিক ঘটনাবোৰৰ ভিতৰত এটা আছিল ১৯৭৩ চনৰ ডিচেম্বৰৰ পৰা ১৯৭৪ চনৰ মাৰ্চৰ ভিতৰত গুজৰাটত আৰম্ভ হোৱা নৱনিৰ্মাণ আন্দোলন । ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভে অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰে । অৱশেষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক বিধানসভা ভংগ কৰিবলৈ বাধ্য হয় ।
ফলত মুখ্যমন্ত্ৰী চিমানভাই পেটেলে পদত্যাগ কৰে আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হয় । নৱনিৰ্মাণ আন্দোলনৰ সফলতাৰ পিছতে দেশৰ আন প্ৰান্তলৈ বিয়পি পৰে প্ৰতিবাদৰ জুই । এই সময়তে বিহাৰ ছাত্ৰ সংগ্ৰাম সমিতিয়ে বিহাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত গান্ধীবাদী সমাজতত্ববিদ জয় প্ৰকাশ নাৰায়ণৰ সমৰ্থন লাভ কৰিছিল । আনহাতে, পাটনাত জয় প্ৰকাশ নাৰায়ণে "সম্পূৰ্ণ বিপ্লৱ"ৰ আহ্বান জনায় ।
শিক্ষাৰ্থী, কৃষক আৰু শ্ৰমিক সংগঠনসমূহক ভাৰতীয় সমাজলৈ অহিংসভাৱে পৰিৱৰ্তন আনিবলৈ তেওঁ আহ্বান জনায় । তেওঁ ৰাজ্য চৰকাৰ ভংগ কৰাৰো দাবী জনায় । কিন্তু কেন্দ্ৰই তেওঁৰ এই আহ্বানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাছিল । ইয়াৰ এমাহ পিছত দেশৰ সৰ্ববৃহৎ সংঘ ৰে'ল কৰ্মচাৰী সংঘই অল ইণ্ডিয়া ৰে'লৱেমেন ফেডাৰেচনৰ তদানীন্তন সভাপতি, ট্ৰেড ইউনিয়নৰ নেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত দেশজুৰি ৰে'ল ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অৱশ্যে ইন্দিৰা গান্ধী চৰকাৰে এই ধৰ্মঘটক কঠোৰ নীতিৰে দমন কৰিছিল ।
হাজাৰ হাজাৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ পৰিয়ালক চৰকাৰী আৱাসৰ পৰা বিতাড়িত কৰা হৈছিল । চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি ইন্দিৰা গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানুহক ৰাজপথলৈ উলিয়াই আনিছিল ৰাজ নাৰায়ণে । ১৯৭১ চনত সংসদীয় নিৰ্বাচনত ৰায়বৰেলীৰ পৰা ইণ্ডিৰা গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল ৰাজ নাৰায়ণ । পিছত নিৰ্বাচনত খেলিমেলি কৰা নিৰ্বাচনকেন্দ্ৰিক উদ্দেশ্যৰ বাবে ৰাজ্য চৰকাৰৰ শাসন ব্যৱস্থাৰ অপব্যৱহাৰৰ কৰাৰ অভিযোগ তুলি নেতা ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ।
১৯৭৫ চনৰ ১২ জুনত ইণ্ডিৰা গান্ধীক তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে চৰকাৰী শাসন ব্যৱস্থাৰ অপব্যৱহাৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হয় আৰু আদালতে তেওঁৰ নিৰ্বাচন বাতিল কৰে । লোকসভাৰ আসনৰ পৰাও গান্ধীক বহিষ্কাৰ কৰা হৈছিল । আদালতে তেওঁক অতিৰিক্ত ৫ বছৰৰ বাবে যিকোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে । এলাহাবাদ উচ্চ ন্যায়লয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ইণ্ডিৰা গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।
কিন্তু ইণ্ডিৰা গান্ধীয়ে উচ্চতম ন্যায়লয়ৰ পৰাও আশা কৰা ধৰণে ৰায় লাভ কৰিবলৈ সক্ষম নহ'ল । উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়লয়ৰ সিদ্ধান্ততে অটল থাকে । গান্ধীয়ে এগৰাকী সাংসদ হিচাপে লাভ কৰা সকলো বিশেষাধিকাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে আদালতে । তেওঁক ভোটদানৰ পৰাও বঞ্চিত কৰা হয় । অৱশ্যে, তেওঁক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি যাবলৈ অনুমতি দিয়া হৈছিল ।
উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ এদিন পিছতে গান্ধীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ কথা উল্লেখ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদলৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰু জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ আহ্বান জনায় । ৰাষ্ট্ৰপতিলৈ লিখা এই পত্ৰখনত গান্ধীয়ে লিখিছিল, "আমি কেতবোৰ তথ্য লাভ কৰিছো, যি ভাৰতৰ নিৰাপত্তাৰ প্ৰতি আসন্ন বিপদৰ সংকেত দিছে" । অৱশেষত ১৯৭৫ চনৰ ২৫ জুনৰ নিশা প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দেশত ঘোষণা কৰিছিল আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ।
ভাৰতত ২১ মাহ পৰ্যন্ত জৰুৰী অৱস্থা বাহাল আছিল । দেশত ২১ মাহ ধৰি চলি থকা জৰুৰীকালীন অৱস্থাৰ উদ্দেশ্য আছিল আভ্যন্তৰীণ বিভ্ৰান্তি নিয়ন্ত্ৰণ কৰা, যাৰ বাবে সাংবিধানিক অধিকাৰ খৰ্ব কৰা হয় আৰু বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ ওপৰতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল । ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত এই কঠোৰ পদক্ষেপ মূলতঃ তিনিটা কথাৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছিল ।
- প্ৰথমতে, তেওঁ কয় যে, জয় প্ৰকাশ নাৰায়ণে আৰম্ভ কৰা আন্দোলনৰ বাবে ভাৰতৰ নিৰাপত্তা আৰু গণতন্ত্ৰিক ব্যৱস্থা বিপদাপন্ন হৈছে ।
- দ্বিতীয়তে, তেওঁ বিশ্বাস কৰিছিল যে, দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ প্ৰয়োজন আছে ।
- তৃতীয়তে, তেওঁ বিদেশী শক্তিৰ হস্তক্ষেপৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল । কিয়নো তেওঁ ভাৱিছিল যে, বিদেশী অপ শক্তিয়ে ভাৰতক শান্তি বিঘ্নিত কৰি আৰু দুৰ্বল কৰিব পাৰে ।
ভাৰতীয় সংবিধানত জৰুৰীকালীন ব্যৱস্থাঃ
ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিক তিনি প্ৰকাৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা, ৰাজ্যিক জৰুৰীকালীন আৰু বিত্তীয় জৰুৰীকালীন অৱস্থা । ভাৰতীয় সংবিধানত জৰুৰীকালীন ব্যৱস্থাৰ ভাগটো জাৰ্মানীৰ ৱেইমাৰ সংবিধানৰ পৰা লোৱা হৈছে । ভাৰতৰ সংবিধানত নিম্নলিখিত তিনি প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰা হৈছে-
- ৩৫২ নং অনুচ্ছেদঃ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা
- ৩৫৬ নং অনুচ্ছেদঃ ৰাজ্যত জৰুৰীকালীন অৱস্থা(ৰাষ্ট্ৰপতিশাসন)
- ৩৬০ নং অনুচ্ছেদঃ বিত্তীয় জৰুৰীকালীন অৱস্থা