নেশ্যনেল ডেস্ক,১ আগষ্ট :ম্যানমাৰৰ সামৰিক জান্তাই ১ আগষ্টৰ পৰা জৰুৰীকালীন অৱস্থা সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰিছে । তেনে পৰিস্থিতিত নতুন দিল্লীৰ হাতত ভাৰতৰ পূব সীমান্তত বিশেষকৈ মণিপুৰত স্থিৰতা অনাৰ বাবে বৰ্তমানৰ ম্যানমাৰৰ প্ৰশাসনৰ সৈতে জড়িত হৈ থকাৰ বাহিৰে কোনো বিকল্প নাই । জৰুৰীকালীন অৱস্থা আৰু ৬ মাহ বৃদ্ধি সন্দৰ্ভত সোমবাৰে কাৰ্যকৰী ৰাষ্ট্ৰপতি ইউ মিন্ট স্ৱেয়ে ঘোষণা কৰিছে । এয়া জৰুৰীকালীন অৱস্থাৰ চতুৰ্থ সম্প্ৰসাৰণ লগতে ভাৰতৰ পূব চুবুৰীয়া দেশত নিৰ্বাচন অনুষ্ঠিত কৰাত আৰু কিছু পলম হ'ব বুলি ইংগিত দিয়া হৈছে ।
২০২১ চনৰ ১ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেতা অং চান চু কীক ক্ষমতাচ্যুত কৰাৰ পাছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । সামৰিক বাহিনীয়ে ২০২০ চনৰ নিৰ্বাচনত বহুতো অনিয়মৰ কথা উল্লেখ কৰিছিল য'ত চু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচি বিজয়ী হৈছিল । অভ্যুত্থানৰ পাছত, সামৰিক বাহিনীয়ে প্ৰথমতে কৈছিল যে এবছৰ পাছত নতুন নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু তাৰ পাছত কৈছিল যে নিৰ্বাচন ২০২৩ চনৰ আগষ্টত অনুষ্ঠিত হ'ব ।
সামৰিক অভ্যুত্থানৰ পাছত, ভাৰতৰ সৈতে সীমান্তকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সামৰিক বাহিনী আৰু জাতিগত সশস্ত্ৰ সংগঠনৰ মাজত ভয়ংকৰ যুঁজৰ ফলত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখন ক্ষতিগ্ৰস্ত হৈছিল ।
ম্যানমাৰৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত ৰাজীৱ ভাটিয়াই ইটিভি ভাৰতক পূৰ্বে কৈছিল যে জৰুৰীকালীন অৱস্থা বৃদ্ধিৰ সম্ভাৱনা আছে । কিয়নো সামৰিক বাহিনীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে দেশখনত আইন শৃংখলা প্ৰতিষ্ঠা কৰাত সক্ষম হোৱা নাই । ভাটিয়াই পশ্চিম ম্যানমাৰৰ পৰিস্থিতি অতি ভয়ংকৰ বুলি বৰ্ণনা কৰি কয় যে মণিপুৰত সংঘটিত ঘটনাৰে অনুৰূপ ঘটনা তাত ঘটি আছে । তেওঁ লগতে কয় যে এতিয়ালৈকে ম্যানমাৰত শান্তি অনাৰ বাবে কোনো আভ্যন্তৰীণ আলোচনা হোৱা নাই ।