অসম

assam

ETV Bharat / bharat

টুইটাৰ ক্ৰয়ৰ চুক্তি বাতিল কৰিলে টেছলাৰ মুৰব্বী এলন মাস্কে - Twitter purchase deal with Tesla chief

টুইটাৰ আৰু টেছলাৰ মুৰব্বী এলন মাস্কৰ মাজত আৰম্ভ হৈছে সংঘাতৰ । মাস্কে বিচৰা ধৰণে তথ্য প্ৰদান কৰিব পৰা নাই টুইটাৰে । যাৰ বাবে টুইটাৰ ক্ৰয়ৰ চুক্তি বাতিল কৰিছে এলন মাস্কে (Elon Musk terminates USD 44 billion deal for Twitter)। যোৱা এপ্ৰিল মাহত মাস্কে টুইটাৰ ক্ৰয়ৰ ঘোষণা কৰিছিল ।

Elon Musk
টুইটাৰ ক্ৰয়ৰ চুক্তি বাতিল কৰিলে টেছলাৰ মুৰব্বী এলন মাস্কে

By

Published : Jul 9, 2022, 10:14 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৯ জুলাই :টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় নকৰে টুইটাৰ কোম্পানী । কিয়নো ক্ৰয় চুক্তি বাতিল কৰিছে এলন মাস্কে (Tesla chief Elon Musk cancels Twitter purchase deal)। টুইটাৰে চুক্তিৰ একাধিক নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি টেছলা কোম্পানীয়ে এই কথা প্ৰকাশ কৰিছে ।

টুইটাৰলৈ প্ৰেৰণ কৰা এক পত্ৰ অনুসৰি এলন মাস্কে ৪৪ বিলিয়ন আমেৰিকান ডলাৰৰ ক্ৰয় চুক্তি বাতিল কৰিছে । শুকুৰবাৰে প্ৰেৰণ কৰা পত্ৰখন মতে টুইটাৰে চুক্তিৰ কেইবাটাও ব্যৱস্থাৰ উলংঘন কৰিছে যাৰ বাবে এই চুক্তি বাতিল কৰিছে টেছলাৰ মুৰব্বী এলন মাস্কে ।

পত্ৰখনত উল্লেখ কৰা মতে টুইটাৰে এলন মাস্কৰ অনুৰোধ ৰক্ষা কৰাত ব্যৰ্থ হৈছে । টুইটাৰৰ চিনাক্তকৰণ, সংগ্ৰহ আৰু বিভিন্ন তথ্য বিচাৰি এলন মাস্কে অনুৰোধ জনাইছিল । কিন্তু প্ৰায় ২ মাহ ধৰি মাস্কক সেই তথ্য টুইটাৰে প্ৰদান কৰা নাই ।

উল্লেখ্য যে এপ্ৰিলত, মাস্কে টুইটাৰ ক্ৰয় কৰাৰ কথা প্ৰকাশ কৰিছিল । যাৰ বাবে টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা নিশ্চিত কৰিছিল টুইটাৰে । অৱশ্যে, মাস্কে মে' মাহত তেওঁৰ দলটোক টুইটাৰৰ দাবীৰ সত্যতা পৰ্যালোচনা কৰিবলৈ অনুমতি দিবলৈ চুক্তিটো স্থগিত ৰাখিছিল ।

জুন মাহত, মাস্কে মাইক্ৰ'ব্লগিং ৱেবছাইটটোক একত্ৰীকৰণ চুক্তি ভংগ কৰাৰ বাবে মুকলিকৈ অভিযোগ কৰিছিল আৰু তেওঁ স্পাম আৰু ভুৱা একাউণ্টৰ তথ্য বিচৰাৰ পাছতো টুইটাৰে তেওঁৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে অধিগ্ৰহণ নকৰাৰ ভাবুকি দিছিল । মাস্কে অভিযোগ কৰিছিল যে টুইটাৰে চুক্তিত উল্লেখ কৰা বিভিন্ন বিষয় পালন কৰাত বিফল হৈছে । স্পাম বা ভুৱা একাউণ্ট ৫ শতাংশতকৈও কম থকাৰ যি তথ্য সেই তথ্যও প্ৰকাশ কৰাত ব্যৰ্থ হৈছে টুইটাৰ ।

মাস্কে অভিযোগ কৰিছে যে স্পাম একাউণ্টৰ প্ৰকৃত সংখ্যা বহুত বেছি । মাস্কে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে কোম্পানীটোৱে স্পাম মেট্ৰিকৰ "প্ৰমাণ" প্ৰদান নকৰালৈকে তেওঁ অধিগ্ৰহণত আগবাঢ়িব নোৱাৰে । কিয়নো মাস্কৰ মতে প্লেটফৰ্মত স্পাম বটবোৰ এক মূল সমস্যা ।

লগতে পঢ়ক:প্ৰতিদিনে ১০ লাখ স্পাম একাউণ্ট বন্ধ টুইটাৰৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details