অসম

assam

ETV Bharat / bharat

ছত্তিশগড়ত দুগৰাকী মহিলাকে ধৰি ১১ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ত এতিয়াও মাওবাদী সক্ৰিয় হৈ আছে । ইয়াৰ মাজতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মাওবাদীয়ে আত্মসমৰ্পণ কৰা দেখা গৈছে । চৰকাৰৰ বিশেষ নীতিৰ প্ৰতি আকৰ্ষিত হৈছে মাওবাদীসকল ।

Naxals
ছট্টিশগড়ত ১১ মাওবাদীৰ আত্মসমৰ্পণ

By

Published : Sep 30, 2021, 1:22 PM IST

নেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ :বুধবাৰে ছত্তিশগড়ত আত্মসমৰ্পণ কৰে ১১ জনকৈ মাওবাদীয়ে । চুকমা আৰক্ষীয়ে চলোৱা পুনা নাৰকম অভিযানৰ সময়ত মাওবাদী কেইটাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত দুগৰাকী মহিলা আছিল ।

চৰকাৰৰ পুনৰ সংস্থাপন নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ এনেদৰে মাওবাদীসকলে আত্মসমৰ্পণ কৰা বুলি সন্দেহ কৰা হৈছে । চুকমাৰ আৰক্ষী অধীক্ষক (SP) সুনীল শৰ্মাই জনোৱা মতে মাওবাদী অধ্যুষিত গাদিৰাচ অঞ্চলত সক্ৰিয় হৈ থকা মাওবাদী সদস্যসকলে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে । তেওঁ জনোৱা মতে মাওবাদীৰ আদৰ্শকলৈ অসন্তুষ্ট আছিল সদস্য কেইগৰাকী ।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, তেওঁলোকক তাৎক্ষণিক সহায় আগবঢ়োৱা হ'ব আৰু চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতি অনুসৰি সুবিধা প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক :পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

ABOUT THE AUTHOR

...view details