নেচনেল ডেস্ক,7 ফেব্ৰুৱাৰী:আদাৰ খেতিত পানী দিবলৈ গৈ হাতীৰ আক্ৰমণত কেৰালাত এজন লোকে কৰুণ মৃত্যুক সাৱটি লৈছে ৷ জ' নামৰ এগৰাকী 45 বৰ্ষীয় ব্যক্তিয়ে চাৰাগুৰু অঞ্চলৰ হেগ্গ'দিলু গাঁৱত থকা আদাৰ খেতিত পানী দি থকা অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে ৷
হাতীৰ আক্ৰমণত কেৰালাত এজনৰ মৃত্যু
কেৰালাত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু ৷ হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে জ' নামৰ এগৰাকী 45 বৰ্ষীয় ব্যক্তিয়ে ৷ আদা খেতিত পানী দি থকাৰ সময়ত হাতীটোৱে আক্ৰমণ কৰাত ব্যক্তিগৰাকীৰ মৃত্যু হয় ৷
elephant killed man from Kerala
ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰভু গৌড়া নামৰ ব্যক্তিগৰাকীৰ পৰা অজয় কুমাৰ নামৰ এগৰাকী ব্যক্তিয়ে আদাৰ খেতি কৰাৰ বাবে ভাড়াত কিছু মাটি লৈছিল ৷ জ' নামৰ এই ব্যক্তিগৰাকী উক্ত আদা খেতিৰ চোৱা-চিতাৰ দায়িত্বত ন্যস্ত আছিল ৷ পুৱাৰ ভাগত খেতিত পানী দি থকাৰ সময়তে জংঘলৰ পৰা অহা এটা হাতীয়ে জ'ক খেদি আহে আৰু তাৰ পাছতে হাতীটোৰ আক্ৰমণত জ'ৰ মৃত্যু হয় ৷ ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে বন বিষয়াক অৱগত কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:উৰিষ্যাৰ বন বিষয়ালৈ ৰাষ্ট্ৰসংঘৰ সন্মান