নেশ্য়নেল ডেস্ক, ৮ জানুৱাৰী:ছত্তীশগড়ৰ মহাছামুণ্ডত শনিবাৰে এটি বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু হয় (Elephant dies due to electrocution in Mahasamund)। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চোৰাং চিকাৰীৰ দল এটাই হাতীটো নিধন কৰিছে । বন বিভাগৰ বিষয়াই উল্লেখ কৰা মতে,বন্য জন্তু চিকাৰ কৰা দলটো উক্ত অঞ্চলটোত এতিয়াও সক্ৰিয় হৈ আছে । সূত্ৰ অনুসৰি দুটা হাতী গৰিয়াবন্দ জিলাৰ পৰা মহাছামুণ্ড হৈ চিৰপুৰ অঞ্চললৈ গৈ আছিল । যোৱা তিনিদিন ধৰি অঞ্চলটোত হাতী দুটা বন বিভাগৰ লোকে প্ৰত্য়ক্ষ কৰিছিল ।
বন বিভাগৰ একেটা সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই চোৰাং চিকাৰীৰ দলটোৱে স্থাপন কৰা ১১ কেভি বিদ্যুত পৰিবাহী তাঁৰত স্পৰ্শ হোৱাৰ পিছত দঁতাল হাতীটোৰ মৃত্য়ু হয় (Elephant dies in Mahasamund)। উল্লেখ্য় যে কোদাৰ জলাশয়ৰ ওচৰত চোৰাং চিকাৰীয়ে এইদৰে তাঁৰ সংযোগ কৰিছিল (Kodar Reservoir)। বন বিভাগৰ টহলদাৰী দলটোৱে হাতীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ বিষয়ে তথ্য পোৱাৰ লগে লগে বিষয়াসকলক অৱগত কৰাত তেওঁলোক ঘটনাস্থলীত উপস্থিত হয় । শনিবাৰে নিশা প্ৰায় ১১ বজাত ৰায়পুৰ আৰু মহাছামুণ্ডৰ বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে । পিছত বন্যপ্ৰাণী চিকিৎসকৰ সহায়ত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে বন বিভাগে (Mahasamund news) ।