নোশ্য়নেল ডেস্ক, ১৬ অক্টোবৰ: কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ 'ভাৰত জোড়ো যাত্ৰা' ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে (Kanyakumari to Kashmir Congres padyatra)। এই যাত্ৰা প্ৰায় ১৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু প্ৰায় ১২ খন ৰাজ্যক সামৰি লোৱা হ'ব । ১১ ছেপ্টেম্বৰত পদযাত্ৰা কেৰালাত উপস্থিত হোৱাৰ পাছতে ১৮ দিনৰ বাবে ৰাজ্যখনৰ মাজেৰে পাৰ হয় । এই পদযাত্ৰাৰ দলটো ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত উপস্থিত হৈছে । দেশৰ উত্তৰ দিশলৈ যোৱাৰ পূৰ্বে কৰ্ণাটকত পদযাত্ৰাৰ দলটো ২১ দিন থাকিব । ইয়াৰ মাজতেই যোৱা শণিবাৰে সংঘটিত হয় এক দুৰ্ঘটনা ।
কৰ্ণাটকৰ বেল্লাৰী জিলাত তালুকৰ নিউ মোকা গাঁৱৰ ওচৰত (New Moka village in the taluk) ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ ওচৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এক দুৰ্ঘটনা সংঘটিত হয় (Short circuit near Rahul Gandhi in Bharat Jodo)। উল্লেখ্য় যে এই পদযাত্ৰাত অংশগ্ৰহণ কৰা পাঁচজন লোক বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত আহত হৈছিল ।
এজন লোকে হাতত লোহাৰ ৰডৰে সংযুক্ত হৈ থকা কংগ্ৰেছৰ পতাকাখনে বিদ্যুতৰ লাইনত স্পৰ্শ কৰাৰ সময়তেই দুৰ্ঘটনাটো সংঘটিত হৈছিল । বৈদ্যুতিক শ্বকৰ ফলত মোকা গ্ৰাম পঞ্চায়তৰ সভাপতি ৰামান্না আৰু অন্যান্যসহ পাঁচজন লোক আহত হৈছিল । অৱশ্য়ে বিধায়ক নগেন্দ্ৰই লগে লগে (MLA Nagendra immediately admitted the injured) আহতসকলক মোকা চিকিৎসালয়ত ভৰ্তি কৰোৱাই তেওঁলোকৰ চিকিৎসা কৰে ।