অসম

assam

ETV Bharat / bharat

ৰাজনৈতিক হিংসাৰ শীৰ্ষত পশ্চিমবংগ - পশ্চিম বংগৰ নিৰ্বাচন

দিনকদিনে পশ্চিমবংগত বৃদ্ধি পাইছে ৰাজনৈতিক হিংসা ৷ 8 টা পৰ্যায়ত চলি আছে ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা সংঘাতত এতিয়ালৈকে 5 জনৰ লোকৰ মৃ্ত্যু হৈছে ৷

ৰাজনৈতিক হিংসাৰ শীৰ্ষত পশ্চিম বংগ
ৰাজনৈতিক হিংসাৰ শীৰ্ষত পশ্চিম বংগ

By

Published : Apr 12, 2021, 5:07 PM IST

নেশ্যনেল ডেস্ক,12 এপ্ৰিল: বিগত সময়ছোৱাত পশ্চিমবংগৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক কাৰ্য-কলাপে সাধাৰণ লোকৰ প্ৰতি এক আতংকৰ সৃষ্টি কৰিছে ৷ যোৱা সময়বোৰলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয়, দিনক দিনে ৰাজ্যখনত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক হিংসা ৷

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ লগে লগে ৰাজ্যখনত হিংসাত্মক কাৰ্য-কলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ 8 টা পৰ্যায়ত অনুষ্ঠিত হোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে 4 টা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে ৷

উল্লেখ্য যে, চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত নিৰ্বাচন সম্পৰ্কীয় হিংসাৰ ফলত পাঁচজনকৈ লোকৰ মৃত্যু হয় ৷ শেহতীয়া এক ঘটনাত চিআইএছএফৰ জোৱানে শীতলকুশীৰ জোৰ পাটকী গাঁৱৰ আমতালীৰ ১২৬ নং ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ বাবে গুলীচালনা কৰাৰ ফলত চাৰিজন লোক নিহত হয় । এই ঘটনা সন্দৰ্ভত নিৰ্বাচন আয়োগক 'ভোটাৰসকলৰ জীৱন ৰক্ষা ৰখাৰ বাবে গুলীচালনা কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল বুলি স্পষ্টীকৰণ দিয়ে চিআইএছএফে ৷

ইফালে 18 বছৰীয়া আন এজন ভোটাৰ দুৰ্বৃত্তৰ গুলীত নিহত হয় ৷ জানিব পৰা মতে, পাঠানটুলিৰ 18 বছৰীয়া যুৱক আনন্দ বৰ্মনক কোচবিহাৰৰ শীতলকুশীত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷

উল্লেখ্য যে, গৃহ মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত ৬৯৩ টা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 11 জন লোকৰ মৃত্যু হয় ৷ সমান্তৰালভাৱে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ ভাৰতত নিৰ্বাচন সম্পৰ্কীয় হিংসাত মুঠ ১৬ জন লোকৰ মৃত্যু হয় ৷ ইয়াৰে সৰ্বাধিক মৃত্যু হৈছিল পশ্চিমবংগত ৷ এই বৰ্ষটোত 7 জনে ৰাজনৈতিক হিংসাত প্ৰাণ দিবলগীয়া হৈছিল ৷

নিৰ্বাচন আয়োগৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ২,০০৮ জন ৰাজনৈতিক কৰ্মী আৰু ১,৩৫৪ জন সাধাৰণ লোক আহত হৈছিল ৷ আহত ২,০০৮ জন ৰাজনৈতিক কৰ্মীৰ ভিতৰত ১,২৯৮ জন লোক পশ্চিমবংগৰ আছিল ৷

ৰাজ্যখনৰ ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনতো ৰাজনৈতিক হিংসাৰ ফলত বিভিন্ন ৰাজনৈতিক দলৰ ২৯ জন লোকৰ মৃত্যু হোৱা ঘটনাই বাতৰি শিৰোনাম দখল কৰিছিল ৷ 2013 চনৰ নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ 39 জন লোকৰ ৰাজনৈতিক হিংসাত মৃত্যু হৈছিল ৷

লগতে পঢ়ক: বঙাইগাঁৱত কোচ-ৰাজবংশী লোকনৃত্যৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details