অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ কৰণপুৰত ৫ জানুৱাৰীত হ'ব নিৰ্বাচন

নিৰ্বাচনৰ কিছুদিন পূৰ্বে কৰণপুৰ সমষ্টিৰ বিধায়ক গুৰমিত সিং কুনাৰৰ মৃত্যু হৈছিল । যাৰ বাবে নিৰ্বাচন স্থগিত ৰখা হৈছিল । নিৰ্বাচন আয়োগে জনোৱা মতে ৫ জানুৱাৰীত সমষ্টিটোত ভোটগ্ৰহণ হ'ব আৰু ৮ জানুৱাৰীত ফলাফল ঘোষণা হ'ব ।

Karanpur assembly
ৰাজস্থানৰ কৰণপুৰত ৫ জানুৱাৰীত হ'ব নিৰ্বাচন

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:21 PM IST

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : ৰাজস্থানৰ কৰণপুৰ বিধানসভা সমষ্টিত অহা ৫ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচন আয়োগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে । নিৰ্বাচন আয়োগে জনোৱা মতে ৮ জানুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।

উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু ভোটগ্ৰহণৰ এসপ্তাহ পূৰ্বে কৰণপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী গুৰমিত সিং কুনাৰৰ মৃত্যু হৈছিল । যাৰ বাবে নিৰ্বাচন আয়োগে উক্ত সমষ্টিটোৰ নিৰ্বাচন স্থগিত ৰাখিছিল আৰু ২০০ আসনৰ ভিতৰত ১৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

ইফালে ৩ ডিচেম্বৰত ৰাজস্থানৰ ১৯৯ আসনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে । মেজিক নম্বৰ ১০০ অতিক্ৰম কৰি ইতিমধ্যে নিৰ্বাচনত জয়ী হৈছে ভাৰতীয় জনতা পাৰ্টী দল । ১৯৯ খন আসনৰ ভিতৰত বিজেপিয়ে ১১৫ খন আসন লাভ কৰিছে । ইফালে শাসনত থাকিও কংগ্ৰেছ দলে ৰাজস্থানত মুখ থেকেচা খাইছে । শাসকীয় কংগ্ৰেছে মাত্ৰ ৬৯ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় । একেদৰে বহুজন সমাজ পাৰ্টীয়ে ২ খন আসন আৰু অন্যান্য দলে ১৩ খন আসন লাভ কৰে ।

ৰাজস্থানৰ এই নিৰ্বাচনী ফলাফল কংগ্ৰেছ দলৰ বাবে যথেষ্ট হতাশাপূৰ্ণ আছিল । কাৰণ তেওঁলোকে ২০১৮ চনৰ তুলনাত ৩০ খন আসন হেৰুৱাইছে । ইফালে বিজেপিয়ে চৰকাৰ গঠনৰ যো-জা চলাই আছে যদিও এতিয়ালৈ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই । অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ নাম যথেষ্ট চৰ্চাত দেখা গৈছে ।

লগতে পঢ়ক :পুনৰ বসুন্ধৰা ৰাজেই হ'ব নেকি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ?

ABOUT THE AUTHOR

...view details