নিউজ ডেস্ক,16 মাৰ্চ:কেৰালাৰ ধাৰমাদম সমষ্টিত এইবাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) নেতা তথা মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক প্ৰত্যাহ্বান জনাব ভাৰতৰ 'নিৰ্বাচনৰ ৰজা' পদ্মৰাজনে ৷ তামিলনাডুৰ চেলেমত টায়াৰ বিক্ৰেতা পদ্মৰাজনে লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো ইতিমধ্যে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ পদ্মৰাজনে ২০০ বাৰতকৈও অধিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । কিন্তু প্ৰতিবাৰেই নিৰ্বাচনত পৰাজিত হৈ লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে পদ্মৰাজনে ৷
পদ্মৰাজন তামিল যদিও তেওঁ সাৱলীলভাৱে মালায়ালামত কথা ক’ব পাৰে । পদ্মৰাজনে এইবাৰ ২১৭ তম বাৰৰ বাবে ধাৰমাডম সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত লয় আৰু মনোনয়ন দাখিল কৰে । পদ্মৰাজনে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বডোদৰা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়তো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তেওঁ কেৰালাত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰতিহত হৈছিল ।