নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰৰ নিৰ্বাচনক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক অশোক কৌলৰ গুৰুত্বপূৰ্ণ ঘোষণা । অহা বছৰৰ মাৰ্চ বা এপ্ৰিলত অনুষ্ঠিত হ'ব জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচন (JK election to be held in March or April)।
তেওঁ লগতে কয় যে, এই বছৰৰ ২৫ নৱেম্বৰৰ ভিতৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পিছতে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে । তাৰ পাছতহে, নিৰ্বাচন আয়োগে জম্মু-কাশ্মীৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব ।
ইফালে বিভিন্ন বিভাগত থকা হাজাৰ হাজাৰ দৈনিক মজুৰী শ্ৰমিক সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অতি সোনকালেই তেওঁলোকৰ সকলোকে নিম্নতম মজুৰি প্ৰদানৰ বাবে ব্যৱস্থা কৰা হ'ব । অশোক কৌলে বান্দিপোৰাত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে (Ashok Kaul on Jammu and Kashmir election)।
সেৱা পষেক কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হৈছিল এই বৈঠক । ইফালে তেওঁ জম্মু-কাশ্মীৰৰ সকলো জ্যেষ্ঠ বিজেপি নেতা আৰু কৰ্মীক গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৰেলী সফল কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক :উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা প্ৰীতি !