নেশ্যনেল ডেস্ক, 10 মাৰ্চ :পূৰ্বে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, মণিপুৰ আৰু পঞ্জাৱৰ নিৰ্বাচনৰ ক্ষেত্ৰত একাংশ বাধা তথা নিষেধাজ্ঞা জাৰি কৰিছিল দেশৰ নিৰ্বাচন আয়োগে ৷ এই নিষেধাজ্ঞা অনুসৰি, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত কোনো প্ৰাৰ্থী অথবা সমৰ্থকে বাহিৰ কৰিব নোৱাৰিব নিৰ্বাচনী ৰেলী, সমদল আদি ৷ কিন্তু পূৰ্বে জাৰি কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে নিৰ্বাচন আয়োগে (election commission lifts ban on victory processions) ৷
কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নিষেধাজ্ঞা জাৰি কৰিছিল নিৰ্বাচন আয়োগে ৷ অৱশ্যে, পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে সীমিত সংখ্যক নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব'ৰ অনুমতি দিছিল । কিন্তু এতিয়া ফলাফলৰ সময়তে সকলো প্ৰকাৰৰ নিষেধাজ্ঞা বাতিল কৰে ৷