নেশ্যনেল ডেস্ক, 25 আগষ্ট:ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধানসভাৰ সদস্য পদ বাতিল কৰাৰ সিদ্ধান্ত লৈছে দেশৰ নিৰ্বাচন আয়োগে (Jharkhand CM Hemant Sorens Assembly membership) ৷ ৰাজ্যখনৰ এক কয়লা খনিৰ লীজ আৱণ্টন নিজৰ লগতে আত্মীয়ৰ নামত কৰোৱাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন আয়োগে চোৰেণৰ বিধায়ক (Jharkhand Governor Ramesh Bais) পদ বাতিল কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
আয়োগে ইতিমধ্যে ৰাজ্যখনৰ ৰাজ্যপাল ৰমেশ বেইছলৈ এক বন্ধ খামত ইয়াৰ সিদ্ধান্তৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৷ ৰাজ্যপাল বেইছ সম্প্ৰতি ঝাৰখণ্ডৰ বাহিৰত আছে ৷ বৃহস্পতিবাৰে বিয়লি ৰাজ্যপালগৰাকী ৰাজ্যত ৰাজধানী ৰাঁচীত উপস্থিত হ’ব ৷