নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ :অহা ৩০ নৱেম্বৰত তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে । অধিসূচনা অনুসৰি মনোনয়ন দাখিল আজিৰে পৰা আৰম্ভ হ'ব আৰু ১০ নৱেম্বৰত সমাপ্ত হ'ব । এই অধিসূচনাটো তেলেংগানা গেজেটত প্ৰকাশিত হৈছে । প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়নৰ পৰীক্ষা ১৩ নৱেম্বৰত কৰা হ'ব । নিৰ্বাচনৰ সময়সূচী অনুসৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১৫ নৱেম্বৰ ।
ইফালে শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে (বিআৰএছ) কংগ্ৰেছ দলৰ পৰা কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে এই নিৰ্বাচন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ক্ষমতা দখলৰ বাবে সকলো ফালৰ পৰা চেষ্টা চলাইছে । আনহাতে, তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু ৱাইএছআৰ তেলেংগানা পাৰ্টি (ৱাইএছআৰটিপি)য়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।