নেশ্বনেল ডেস্ক, 8 জানুৱাৰী :ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে (Election Commission announces dates for assembly polls) । পাঁচখন ৰাজ্যত সাতটা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব । উত্তৰ প্ৰদেশৰ ৪০৩ খন বিধানসভা আসন, পঞ্জাৱত ১১৭ খন, উত্তৰাখণ্ডত ৭০ খন মণিপুৰত ৬০ খন আৰু গোৱাত ৪০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিলে মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই( Chief Election Commissioner Sushil Chandra) । উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত ভোটগ্ৰহণ হ'ব।
আনহাতে, মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত ভোটদান কৰা হ'ব। ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ'ব, নিৰ্বাচনী আয়োগে সদৰি কৰিছে । ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 15 জানুৱাৰীলৈকে কোনো ৰোড শ্ব', পদযাত্ৰা, চাইকেল বা বাইক ৰেলী আৰু শোভাযাত্ৰাৰ অনুমতি দিয়া নহ'ব । পৰিস্থিতি পুনৰীক্ষণ কৰি পৰৱৰ্তী সময়ত নতুন নিৰ্দেশনা জাৰী কৰা হ'ব বুলিও মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে সদৰি কৰে । তেওঁ লগতে কয় যে আদৰ্শ আচৰণ বিধি (Model Code of Conduct)ৰ অনুসূচী ঘোষণাৰ লগে লগে ই কাৰ্যকৰী হ’ব ।