অসম

assam

ETV Bharat / bharat

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধায়ক পদ খাৰিজ - Allegation aganist Hemant Soren

দেশৰ ৰাজনীতিত অন্য এক জোকাৰণি ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধায়ক পদ খাৰিজ কৰিলে নিৰ্বাচন আয়োগে (Assembly membership of Hemant Soren cancelled) ৷ ঝাৰখণ্ডৰ সংকটৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱনত ইউ পি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি ৪০ জনতকৈ অধিক বিধায়কে তাত উপস্থিত হোৱাৰ কৌশল ৰচনা কৰে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে ।

Jharkhand CM Hemant Soren
Jharkhand CM Hemant Soren

By

Published : Aug 26, 2022, 6:01 PM IST

Updated : Aug 26, 2022, 9:27 PM IST

নিউজ ডেস্ক, 26 আগষ্ট: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক নিৰ্বাচন আয়োগে বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰিছে (Assembly membership of Hemant Soren cancelled)। ইফালে, ঝাৰখণ্ডৰ সংকটৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱনত ইউ পি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি ৪০ জনতকৈ অধিক বিধায়কে তাত উপস্থিত হোৱাৰ কৌশল কৌশল কৰা হয় বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে ৰাজ্যৰ দ্ৰুত পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ মতামতক লৈ শুকুৰবাৰে ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছে মাতি পঠিয়াব পাৰে বুলি খবৰ ওলাইছিল বুলি ৰাজভৱনৰ সূত্ৰই প্ৰকাশ কৰিছে (Jharkhand political update)।

তেওঁলোকে কয় যে, নিৰ্বাচন আয়োগে ৰাজ্যপালক কৈছিল যে, নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰাৰ বাবে হেমন্তক বিধায়ক হিচাপে “অযোগ্য” ঘোষণা কৰা উচিত । অৱশ্যে ৰাজভৱনে আনুষ্ঠানিকভাৱে এই ঘটনা নিশ্চিত কৰা নাই । ইউ পি এৰ মিত্ৰতাৰ অংশ হিচাপে শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাই ২০২৪ চনলৈকে হেমন্ত মুখ্যমন্ত্ৰী হিচাপে থাকিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে (Jharkhand CM Hemant Soren) ।

চোৰেণক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলিও সদৰী কৰে দলটোৱে । ৰাজ্যপাল বাইছে সাংবাদিকৰ আগত কয় যে, তেওঁ এবাৰ ঘটনাৰ বুজ ল’লেই এই বিষয়ত মন্তব্য দিব পৰা অৱস্থাত থাকিব । বৃহস্পতিবাৰে তেওঁ কৈছিল, "মই দুদিন ধৰি দিল্লীৰ এইমছত আছিলো । ৰাজভৱনত উপস্থিত হ'লে এনে কোনো সিদ্ধান্তৰ বিষয়ে ক'ব পৰা অৱস্থাত থাকিম" ৷

লগতে পঢ়ক:নিৰ্বাচনী বিধি উলংঘা কৰি বিপদৰ সন্মুখীন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ

নিৰ্বাচন আয়োগে ২৬ আগষ্টত বাইছলৈ মতামত প্ৰেৰণ কৰি চোৰেণক নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰি নিজলৈ খনন পট্টা প্ৰদান কৰাৰ বাবে বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰিবলৈ দাবী জনাইছিল (EC cancelled Assembly membership of Hemant Soren) ৷ মতামতটো ছীল কৰি ঝাৰখণ্ড ৰাজভৱনলৈ প্ৰেৰণ কৰা হয় । এই গোচৰৰ আবেদনকাৰী বিজেপিয়ে চৰকাৰী চুক্তিৰ বাবে অযোগ্য ঘোষণাৰ বিষয়ে আলোচনা কৰা জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ৯(ক) উলংঘা কৰাৰ বাবে হেমন্তক অযোগ্য ঘোষণা কৰাৰ দাবী কৰিছিল ।

দফাটোত কোৱা হৈছে "কোনো ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব যেতিয়ালৈকে তেওঁৰ ব্যৱসায় বা ব্যৱসায়ৰ কালছোৱাত তেওঁৰ দ্বাৰা উপযুক্ত চৰকাৰৰ সৈতে সামগ্ৰী যোগান ধৰাৰ বাবে, বা নিষ্পাদনৰ বাবে কৰা চুক্তি থাকে’’ ৷

এই বিষয়টো ৰাজ্যপালৰ ওচৰলৈ আৰু তেওঁৰ দ্বাৰা নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হৈছিল ৷ কিয়নো সংবিধানৰ ১৯২ নং অনুচ্ছেদত কোৱা হৈছে যে, এজন বিধায়কৰ অযোগ্যতা সম্পৰ্কীয় ৰায়দানৰ ওপৰত প্ৰশ্নটো ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব যিয়ে পাছলৈ নিৰ্বাচন আয়োগৰ মতামত লাভ কৰিব আৰু তেনে মতামত অনুসৰি কাম কৰিব লাগিব (Allegation aganist Hemant Soren)৷

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই বৃহস্পতিবাৰে দাবী কৰিছিল যে "নিৰ্বাচন আয়োগৰ পত্ৰ ৰাজ্যপালৰ ওচৰ পালেগৈ, মই ঘোষণা কৰিছিলোঁ যে আগষ্টৰ ভিতৰত এই কাম কৰা হ'ব"।

লগতে পঢ়ক:অমিত শ্বাহৰ জোতা মচি বিতৰ্কত বিজেপি নেতা

খনি পট্টা গোচৰত নিৰ্বাচন আয়োগে তেওঁক বিধায়ক হিচাপে “অযোগ্য ঘোষণা” কৰাৰ পৰামৰ্শ দিয়া বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছত হেমন্ত চোৰেণে “সাংবিধানিক কৰ্তৃপক্ষ আৰু ৰাজহুৱা সংস্থাসমূহৰ প্ৰকাশ্য অপব্যৱহাৰ”ৰ অভিযোগ উত্থাপন কৰিছে (Jharkhand political news)৷

চোৰেণৰ কাৰ্যালয়ে বৃহস্পতিবাৰে জনাইছিল যে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নিৰ্বাচন আয়োগ বা ৰাজ্যপাল ৰমেশ বাইছৰ পৰা কোনো যোগাযোগ লাভ কৰা নাই ৷ চোৰেণে তেওঁৰ সচিবালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত কয়, ‘‘এজন বিজেপিৰ সাংসদকে ধৰি বিজেপি নেতা আৰু তেওঁৰ পুতলা সাংবাদিকসকলে নিজেই নিৰ্বাচন আয়োগৰ প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰিছে, যিটো সদায় ছীল কৰা কভাৰত দিয়া হয়’’ ৷

৮১ জনীয়া বিধানসভাত ইউ পি এ মিত্ৰজোঁটৰ ৪৯ জন বিধায়ক আছে । ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে জে এম এমৰ ৩০ জন বিধায়ক, কংগ্ৰেছৰ ১৮ জন বিধায়ক আৰু আৰ জে ডিৰ এজন । মূল বিৰোধী দল বিজেপিৰ সদনত ২৬ জন বিধায়ক আছে । ইফালে মিত্ৰজোঁটৰ অংশীদাৰ সকলে চৰকাৰৰ প্ৰতি কোনো ভাবুকি নাই বুলি দাবী কৰে ।

লগতে পঢ়ক:ঝাৰখণ্ড খনি কেলেংকাৰীত এজনক গ্ৰেপ্তাৰ

Last Updated : Aug 26, 2022, 9:27 PM IST

ABOUT THE AUTHOR

...view details