নিউজ ডেস্ক, ৪ জুলাই : দূৰ হ'ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰ পথত থকা সকলো বাধা । সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাত আস্থা ভোটত জয়লাভ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ(Eknath Shinde government passed majority mark) । ৰাহুল নাৰ্ভেকাৰক মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ (Rahul Narvekar Maharashtra new Assembly speaker) এদিন পিছতে আন এক সাফল্য লাভ সিন্দেৰ । ১৬৪ জন বিধায়কৰ সমৰ্থনেৰে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হেলাৰঙে অতিক্ৰম কৰে একনাথ সিন্দেয়ে ।
লগে লগে মহাৰাষ্ট্ৰত দুসপ্তাহ ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰো অন্ত পৰে । আনহাতে, শিৱসেনাৰ উদ্ধৱ থাকৰে গোটে সোমবাৰে বিধানসভাৰ অধ্যক্ষই দলটোৰ বাবে নতুন হুইপক স্বীকৃতি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত এক নতুন আবেদন দাখিল কৰে (Udhav Thakre moved to plea in Supreme Court)) ।
উল্লেখ্য, ইয়াৰ পূৰ্বে শণিবাৰে দেবেন্দ্ৰ ফড়নভিছে দাবী কৰিছিল যে সিন্দে চৰকাৰে ১৬৬ টা ভোট লাভ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব । বৰ্তমান ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাত (288 member Maharashtra Assembly) বিজেপিৰ ১০৬ জন বিধায়ক আছে আৰু সিন্দেয়ে ৩৯ জন বিদ্ৰোহী শিৱসেনা আৰু কিছু সংখ্যক নিৰ্দলীয় বিধায়কক নেতৃত্ব দি আছে । শেহতীয়াকৈ শিৱসেনাৰ এজন বিধায়কৰ মৃত্যুৰ পিছত বিধানসভাৰ বৰ্তমানৰ শক্তি 287 লৈ হ্ৰাস হয় । সেয়ে বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে 144 (Maharashtra Government majority mark 144)।