অসম

assam

ETV Bharat / bharat

শিৱসেনাৰ সকলো বিষয়বাবৰ পৰা অপসাৰণ মুখ্যমন্ত্ৰী একনাথ সিন্দেক - শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰে

শিৱসেনাৰ সকলো বিষয়বাবৰ পৰা অপসাৰণ মুখ্যমন্ত্ৰী একনাথ সিন্দেক ৷ "দল বিৰোধী কাৰ্যকলাপত লিপ্ত" থকাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেয়ে অপসাৰণ কৰে সিন্দেক(Uddhav Thackeray sacks Eknath Shinde as 'Shiv Sena leader') ৷

Eknath Shinde has been removed from the post of Shiv Sena leader
শিৱসেনাৰ সকলো বিষয়বাবৰ পৰা অপসাৰণ মুখ্যমন্ত্ৰী একনাথ সিন্দেক

By

Published : Jul 2, 2022, 3:50 PM IST

নিউজ ডেস্ক, 2 জুন:মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ সিন্দে(Maharashtra CM Eknath Shinde)ক শুকুৰবাৰে দলৰ সকলো বিষয়বাবৰ পৰা অপসাৰণ কৰা হয় ৷ একনাথ সিন্দেয়ে শিৱসেনাৰ মুৰব্বীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেয়ে এই ব্যৱস্থা গ্ৰহণ কৰে ৷ আনহাতে বিসম্বাদী ৩৯ জন বিধায়কৰ বিৰুদ্ধেও শিৱসেনাই ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

একনাথ সিন্দেলৈ শিৱসেনাৰ পত্ৰ

শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেয়ে মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ লিখা এখন পত্ৰত তেওঁক "দল বিৰোধী কাৰ্যকলাপত লিপ্ত" বুলি অভিযুক্ত কৰে । তেওঁ পত্ৰখনত উল্লেখ কৰে- "আপুনি স্ব-ইচ্ছাই দলৰ সদস্যপদ ত্যাগ কৰিছে ৷ সেয়েহে শিৱসেনা দলৰ অধ্যক্ষ হিচাপে মোৰ হাতত ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি মই আপোনাক দলীয় সকলো বিষয়বাবৰ পৰা আঁতৰাই দিছো(Uddhav Thackeray sacks Eknath Shinde as 'Shiv Sena leader') ৷"

মুখ্যমন্ত্ৰী একনাথ সিন্দে

উদ্ধৱ ঠাকৰেয়ে একনাথ সিন্দেলৈ প্ৰেৰণ কৰা পত্ৰখনত ৩০ জুন তাৰিখ উল্লেখ কৰা আছে ৷ উক্ত দিনাই সিন্দেয়ে বিজেপি আৰু বিসম্বাদী বিধায়কসকলৰ সমৰ্থনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ ২৯ জুনত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল উদ্ধৱ ঠাকৰেয়ে ।

লগতে পঢ়ক :আস্থা ভোটৰ পিছতহে হ’ব একনাথ সিন্দেৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details