নেশ্যনেল ডেস্ক, 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় 8 গৰাকীকৈ কৃষকে প্ৰাণ হেৰুৱাইছে ৷ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিঙে সাংবাদিকক জানিবলৈ দিছে এই তথ্য ৷ ইয়াৰ উপৰিও এই ঘটনাত কেইবাগৰাকীয়ো কৃষক গুৰুতৰভাৱে আহত হৈছে ৷
দেওবাৰে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ যাদৱে খেৰী ভ্ৰমণৰ বাবে যোৱাৰ সময়তেই কৃষি আইনৰ বিৰুদ্ধে একাংশ কৃষক একতৃত হোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয় ৷ প্ৰতিবাদকাৰী কৃষকসকলৰ অভিযোগ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই তেওঁলোকৰ গাৰ ওপৰত নিজৰ বাহন চলাই দিয়ে ৷ ইয়াৰ পিছতে পৰস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত মুখ্যমন্ত্ৰী যোগী আদিত্যানাথে ADG আইন-শৃংখলা প্ৰশান্ত কুমাৰক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷
জানিবলৈ পোৱা অনুসৰি, প্ৰতিবাদকাৰী কৃষকসকলে উপ মুখ্যমন্ত্ৰীক ক’লা পতাকা দেখুৱাবলৈ প্ৰস্তুত হৈছিল ৷ ইয়াৰ উপৰিও তেওঁলোকে কেশৱ প্ৰসাদ যাদৱক আদৰিবলৈ লগাই থোৱা বেনাৰসমূহো ফালি পেলাইছিল ৷
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে টুইটযোগে কয়, "যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে, বিজেপি নেতাসকলে গাড়ীত ঘূৰিব নোৱাৰিব অথবা গাড়ীৰ বাহিৰত ওলাব নোৱাৰিব ৷"