নেশ্য়নেল ডেস্ক, ১৪ ছেপ্টেম্বৰ:কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাত আৰু বিৰোধী দলৰ নেতা মাইকেল লোবোকে(Goa Leader of Opposition Michael Lobo)ধৰি গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কে বুধবাৰে গোৱাত বিজেপিত(Goa Congress MLAs joined BJP)যোগদান কৰে । আজি বিধানসভা চৌহদত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক সাক্ষাৎ কৰাৰ পিছত আঠগৰাকী বিধায়ক দিগম্বৰ কামাত(former Goa CMDigambar Kamat ),মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেশাই, কেদাৰ নায়েক, সংকল্প আমোঙ্কাৰ, এলেক্সো চেকুয়েৰা আৰু ৰুডলফ ফাৰ্ণাণ্ডেজে বিজেপিত যোগদান কৰে ।
কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মাইকেল লোবোৱে এই সন্দৰ্ভত কয়, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi) আৰু মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ(CM Pramod Sawant) হাত শক্তিশালী কৰিবলৈ আমি দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিত যোগদান কৰিছো ।' কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে পুনৰ কয়,'Congress Chhodo, BJP ko Jodo'। ইফালে, গোৱাৰ মুখ্যমন্ত্ৰী সাৱন্তেও ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাক এক কৌতুক বুলি মন্তব্য় কৰে । তেওঁ নেতাসকলক আদৰণি জনাই কয়, 'কংগ্ৰেছ ছোড়ো যাত্ৰা এতিয়া গোৱাৰ পৰা আৰম্ভ হ'ব।'
উল্লেখ্য় যে গোৱাত বিজেপিয়ে ইতিমধ্যে ৪০ জনীয়া বিধানসভাত ২৫ গৰাকীৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে (Political crisis in Goa)। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ (Maharashtrawadi Gomantak Party) দুগৰাকী আৰু তিনিগৰাকী নিৰ্দলীয় নেতাৰ সৈতে বিজেপিৰ ২০ গৰাকী বিধায়ক আছে । এতিয়া কংগ্ৰেছৰ আঠগৰাকী বিধায়কে যোগদান কৰাৰ পিছত এই সংখ্য়া ৩৩ লৈ বৃদ্ধি পালে ।