নিউজ ডেস্ক, 1 মে’ :সোমবাৰৰ পৰিৱৰ্তে মঙলবাৰেহে ভাৰতত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ ৷ কেন্দ্ৰীয় হিলাল কমিটীয়ে জানিবলৈ দিছে এই কথা ৷ দেওবাৰে যিহেতু ঈদৰ জোন দেখা পোৱা নগ’ল, তাৰ পৰিপ্ৰেক্ষিতত হিলাল কমিটীয়ে ভাৰতত মঙলবাৰে ঈদ উদযাপনৰ সিদ্ধান্ত ঘোষণা কৰিছে ৷
দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আদি কেইবাখনো ৰাজ্যৰ হিলাল কমিটী সমূহে ঈদৰ জোন আজি প্ৰত্যক্ষ নকৰাৰ কথা জনাইছে ৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতো দেখা পোৱা নাই ঈদৰ জোন ৷