অসম

assam

By

Published : Jun 23, 2021, 5:16 PM IST

ETV Bharat / bharat

মালিয়া-নীৰৱ-চৌকচি গোচৰ: জব্দ কৃত 9,371.17 কোটি টকাৰ সম্পত্তি স্থানান্তৰ

প্ৰৱৰ্তন সঞ্চালকালয়ে বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চৌকচি সম্পৰ্কীয় গোচৰত ৯,৩৭১.১৭ কোটি টকাৰ জব্দ কৰা সম্পত্তি ৰাজহুৱা খণ্ডৰ বেংক (PSBs) আৰু কেন্দ্ৰীয় চৰকাৰলৈ স্থানান্তৰ কৰিছে । ইডিয়ে অভিযুক্ত কেইজনৰ পৰা এতিয়ালৈকে ১৮,১৭০.০২ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ।

ED transfers Rs 9,371.17 cr assets seized in Mallya, Nirav, Choksi cases to PSBs, Centre
মালিয়া-নীৰৱ-চৌকচি গোচৰ: জব্দকৃত 9,371.17 কোটি টকাৰ সম্পত্তি স্থানান্তৰ

নেচনেল ডেস্ক, 23 জুন : প্ৰৱৰ্তন সঞ্চালকালয়ে(ED) বুধবাৰে বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চৌকচি সম্পৰ্কীয় গোচৰত জব্দ কৰা ৯,৩৭১.১৭ কোটি টকাৰ সম্পত্তি ৰাজহুৱা খণ্ডৰ বেংক (PSBs) আৰু কেন্দ্ৰীয় চৰকাৰলৈ স্থানান্তৰ কৰে । ইডিয়ে অভিযুক্ত কেইজনৰ পৰা এতিয়ালৈকে ১৮,১৭০.০২ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে । ইডিয়ে টুইটযোগে জনায় যে, "প্ৰৱৰ্তন সঞ্চালকালয়ে কেৱল বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চৌকচিৰ ক্ষেত্ৰত পিএমএলএৰ অধীনত ১৮,১৭০.০২ কোটি টকাৰ (বেংকৰ মুঠ লোকচানৰ ৮০.৪৫%) মূল্যৰ সম্পত্তি জব্দ কৰাই নহয়, পিএছবি আৰু কেন্দ্ৰীয় চৰকাৰক ৯৩৭১.১৭ কোটি টকাৰ সংলগ্ন/জব্দ কৰা সম্পত্তিৰ এটা অংশ স্থানান্তৰ কৰিছে" ৷

প্ৰৱৰ্তন সঞ্চালকালয়ে এক প্ৰেছ বিজ্ঞপ্তিত যোগে জানিবলৈ দিছে যে, "আজিলৈকে জব্দ কৰা সম্পত্তিৰ ভিতৰত Money Laundering Act, 2002 (PMLA)ৰ অধীনত মুঠ জব্দ কৰা সম্পত্তিৰ ভিতৰত 329.67 কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে ৷ লগতে 9041.5 কোটি টকাৰ সম্পত্তি প্ৰতিনিধিত্ব কৰি মুঠ বেংকৰ 40 শতাংশ লোকচান হস্তান্তৰ কৰা হৈছে" ৷ উল্লেখ্য যে, বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চৌকচিয়ে তেওঁলোকৰ কোম্পানীৰ জৰিয়তে পুঁজি আত্মসাৎ কৰি বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংকক প্ৰৱঞ্চনা কৰিছিল ৷ যাৰ ফলত বেংকসমূহৰ লোকচান হৈছিল 22,585.83 কোটি টকা ।

ইডিৰ বিজ্ঞপ্তিত লগতে জনোৱা হৈছে যে, চিবিআই(CBI)ৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি ইডিয়ে চলোৱা অনুসন্ধানে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে, তিনিওজন অভিযুক্তই তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰিত ভুৱা প্ৰতিষ্ঠান ব্যৱহাৰ কৰিছিল ৷ বেংকবোৰে প্ৰদান কৰা পুঁজি আত্মসাৎ কৰাৰ বাবে এনে পন্থা অৱলম্বন কৰিছিল অভিযুক্ত কেইজনে । জব্দ কৰা ১৮,১৭০.০২ কোটি টকাৰ সম্পত্তিৰ ভিতৰত আছে বিদেশত থকা ৯৬৯ কোটি টকাৰ সম্পত্তি । পিএমএলএ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে বৃটেইন (UK), এণ্টিগুয়া আৰু বাৰ্বুডালৈ প্ৰত্যাৰ্পণৰ অনুৰোধৰ লগতে গোচৰৰ অভিযোগ দাখিল কৰা হৈছে ।

যিহেতু বিজয় মালিয়াক বৃটেইনৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ অনুমতি প্ৰত্যাখ্যান কৰা হৈছে ৷ যাৰ পাছতে ভাৰতলৈ তেওঁৰ প্ৰত্যাৰ্পণ নিশ্চিত হৈ পৰিছে । ইফালে নীৰৱ মোডীকো ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাটোও প্ৰায় নিশ্চিত হৈ পৰিছে ।

প্ৰকাশিত তথ্য অনুসৰি, নীৰৱ মোডীয়ে ভাৰতৰ দ্বাৰা প্ৰত্যাৰ্পণৰ অনুৰোধৰ ভিত্তিত যোৱা দুবছৰ তিনি মাহ ধৰি লণ্ডনৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে । নীৰৱ মোডী আৰু বিজয় মালিয়াকো মুম্বাইৰ পিএমএলএ আদালতে পলাতক অৰ্থনৈতিক অপৰাধী বুলি ঘোষণা কৰিছে । ইডিয়ে শেহতীয়াকৈ মুম্বাইৰ পিএমএলএ বিশেষ আদালতৰ নিৰ্দেশ অনুসৰি ভাৰতীয় ষ্টেট বেংক (SBI)ৰ নেতৃত্বত কনচৰ্টিয়ামলৈ প্ৰায় 6,600 কোটি টকাৰ শ্বেয়াৰ স্থানান্তৰ কৰিছে ।

লগতে পঢ়ক: ক'ভিড-19 ভেকচিন লোৱা যাত্ৰীক 10 শতাংশ মাচুল ৰেহাই ইণ্ডিগ'ৰ

ABOUT THE AUTHOR

...view details