অসম

assam

ETV Bharat / bharat

Bengal SSC Scam: জব্দকৃত বৃহৎ পৰিমানৰ ধন পৰিবহনৰ বাবে RBI ৰ সহায় বিচাৰিলে ED য়ে - Bengal SSC Scam

প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ED য়ে অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছিল ২০ কোটিতকৈও অধিক ধন । এতিয়া নগদ ধনখিনি পৰিবহনৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ সহায় বিচাৰিছে ED য়ে (ED takes RBIs help to ferry) ।

ED takes RBI's help to ferry cash
নগদ ধন পৰিবহনৰ বাবে RBI ৰ সহায় ললে ED য়ে

By

Published : Jul 25, 2022, 1:23 PM IST

নেশ্যনেল ডেস্ক,25 জুলাই: পশ্চিম বংগৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমানৰ নগদ ধন আৰু মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰা প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ED য়ে কলকাতাৰ চল্ট লেকৰ চিজিঅ' কমপ্লেক্সত থকা সংস্থাটোৰ কাৰ্যালয়লৈ নগদ ধন আৰু মূল্যৱান সামগ্ৰী কঢ়িয়াই নিবলৈ কলকাতাস্থিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) আঞ্চলিক কাৰ্যালয়ৰ সহায় লবলগীয়া হৈছে (ED takes RBIs help to ferry)।

শনিবাৰে সন্ধিয়া, ইডিৰ(Enforcement Directorate) বিষয়াসকলে জব্দ কৰা নগদ ধন আৰু মূল্যৱান সামগ্ৰীখিনিৰ আনুমানিক মূল্য তথা গণনা সমাপ্ত কৰাৰ পিছত, কলকাতাস্থিত আৰবিআইৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এখন ট্ৰাক দক্ষিণ কলকাতাৰ টলিগঞ্জস্থিত অভিজাত ডায়মণ্ড চিটি কমপ্লেক্সত উপস্থিত হৈছিল, য'ত আছে ধৃত অৰ্পিতা মুখাৰ্জীৰ এপাৰ্টমেণ্ট । মুখাৰ্জীৰ বাসগৃহৰ পৰা জব্দকৃত বৃহৎ পৰিমানৰ ধন আৰু মূল্যৱান সামগ্ৰীখিনি কঢ়িয়াই নিয়াৰ বাবে 20 টা ষ্টীলৰ ট্ৰাংক ট্ৰাকখনত কঢ়িয়াই লৈ যোৱা হৈছিল বুলি প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে নিশ্চিত কৰিছে ।

পৰৱৰ্তী সময়ত, নগদ ধন আৰু মূল্যৱান সামগ্ৰীৰে ভৰ্ত্তি 15 টা ট্ৰাংক আৰু বাকী পাঁচটা খালী ট্ৰাংক চিজিঅ' কমপ্লেক্সস্থিত প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ লৈ অনা হয় । ইডিয়ে ৫০০ আৰু ২,০০০ টকাৰ ভাৰতীয় মুদ্ৰাৰ হিচাবত ২১.২০ কোটি টকাৰ নগদ ধন, প্ৰায় ৯০ লাখ টকা বজাৰ মূল্যৰ সোণৰ অলংকাৰ, প্ৰায় ৬০ লাখ টকাৰ বিদেশী মুদ্ৰা, ২০ টা উচ্চ মানৰ এপ’ল আইফোন, আন আঠটা ফ্লেটৰ বিক্ৰীৰ দলিল আৰু একাধিক ব্যয়বহুল বাহনৰ কাগজ-পত্ৰ উদ্ধাৰ কৰে ।

বৰ্তমান ইডিৰ জিম্মাত থকা মুখাৰ্জীক আজি ৰাজহুৱা ধন আত্মসাৎ আইনৰ (পিএমএলএ) এখন বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব ।

লগতে পঢ়ক:Mud scam by GMC: গুৱাহাটী পৌৰ নিগমত বোকা পৰিষ্কৰণৰ নামত ২০ কোটিৰ কেলেংকাৰী

ABOUT THE AUTHOR

...view details