অসম

assam

ETV Bharat / bharat

TSPSC paper leak case : তেলেংগানা লোকসেৱা আয়োগৰ ২ বিষয়ালৈ ইডিৰ চমন জাৰি - Central Bureau of Investigation

TSPSC প্ৰশ্নকাকত ফাদিল গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) সন্দেহ কৰিছে যে কেলেংকাৰীটোত বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ ঘটনা সংঘটিত হৈছে । এই সন্দৰ্ভত সোধা-পোছাৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে বুধবাৰ আৰু বৃহস্পতিবাৰে দুজন TSPSC বিষয়াক মাতি পঠিয়ায় (ED summons TSPSC officials in paper leak case) ।

TSPSC paper leak case
TSPSC paper leak case

By

Published : Apr 12, 2023, 1:37 PM IST

নিউজ ডেস্ক, ১২ এপ্ৰিল : TSPSCৰ প্ৰশ্নকাকত ফাদিল গোচৰত নতুন মোৰ (TSPSC paper leak case) । তেলেংগানা ৰাজ্যিক লোকসেৱা আয়োগৰ (টিএছপিএছচিৰ) প্ৰশ্নকাকত ফাদিল গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) বিভাগটোৰ দুজন বিষয়ালৈ চমন জাৰি কৰিছে । কেন্দ্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰা মতে, তেলেংগানা ৰাজ্যিক লোকসেৱা আয়োগ (Telangana State Public Service Commission, TSPSC) সম্পৰ্কীয় প্ৰশ্নকাকত ফাদিল গোচৰটো গুৰুত্বসহকাৰে লক্ষ্য কৰিছে আৰু অপৰাধীক গ্ৰেপ্তাৰৰ বাবে তদন্ত তীব্ৰতৰ কৰি তুলিছে ।

উল্লেখ্য যে ইডিয়ে TSPSC বিষয়া দুজনক বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিনৰ সোধা-পোছাৰ বাবে হাজিৰ হ'বলৈ কৈছে (ED summons TSPSC officials in paper leak case) । সংস্থাটোৱে TSPSCৰ গোপনীয় শাখা বিষয়া শংকৰ লক্ষ্মী আৰু আন এজন বিষয়া সত্যনাৰায়ণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । সেয়ে বৰ্তমান তেওঁলোক দুয়োকে মাতি পঠোৱা হৈছে । আনহাতে, সংস্থাটোৰ বিষয়াসকলে হায়দৰাবাদ আৰক্ষীৰ এছআইটিক গোচৰটোৰ সৈতে সম্পৰ্কিত নথিপত্ৰ প্ৰদান কৰিবলৈয়ো নিৰ্দেশনা প্ৰদান কৰিছে (SIT of Hyderabad Police) । এছআইটিয়ে ইতিমধ্যে যাক ইডিয়ে মাতি পঠিওৱা TSPSCৰ দুজন বিষয়াকে ধৰি কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

এই ঘটনাৰ তদন্তৰ অংশ হিচাবে ইডিয়ে বৰ্তমান কাৰাগাৰত থকা TSPSC বিষয়াসকলক সোধা-পোছাৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছে । উল্লেখ্য, প্ৰশ্নকাকত ফাদিল গোচৰটো TSPSCৰ তথ্য উলংঘনৰ সৈতে সম্পৰ্কিত বিষয় হিচাবে গ্ৰহণ কৰা হৈছে । এই গোচৰত হায়দৰাবাদ আৰক্ষীৰ বিশেষ অনুসন্ধান দলে ইতিমধ্যে TSPSCৰ অধ্যক্ষৰ বিবৃতি লিপিবদ্ধ কৰিছে ।

ইয়াৰ পূৰ্বে তেলেংগানা উচ্চ ন্যায়ালয়ে (High Court of Telangana) এছআইটিক TSPSC প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল । ঘটনা সন্দৰ্ভত কেইবাজনো লোকে উদ্বেগ প্ৰকাশ কৰিছিল যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত হাজাৰ হাজাৰ প্ৰাৰ্থী আৰু চাকৰি প্ৰত্যাশীৰ বৃহৎ ক্ষতি হৈছে । আনহাতে, এনএছইউআইকে (NSUI) ধৰি কেইবাটাও ছাত্ৰ সংগঠনে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (Central Bureau of Investigation, CBI) দ্বাৰা TSPSC প্ৰশ্নকাকত ফাদিল হোৱাৰ তদন্তৰ নিৰ্দেশ দিবলৈ আদালতৰ ওচৰত দাবী জনাইছে । উল্লেখযোগ্য যে TSPSCৰ কাকত ফাদিল আৰু শিক্ষাৰ্থীসকলৰ দ্বাৰা অনুসন্ধান আৰু প্ৰতিবাদৰ ফলত তেলেংগানাত গ্ৰুপ ১-ৰ পৰীক্ষা বাতিল কৰা হৈছে ।

লগতে পঢ়ক :Punjab Military Station Firing : পঞ্জাবৰ সামৰিক কেন্দ্ৰত গুলীবৰ্ষণত নিহত ৪

ABOUT THE AUTHOR

...view details