নিউজ ডেস্ক, ১৩ জানুৱাৰী :প্ৰৱৰ্তন সঞ্চালকালয়ে শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ আবকাৰী নীতিৰ গোচৰত চতুৰ্থবাৰৰ বাবে চমন জাৰি কৰিছে ।
আপৰ ৰাষ্ট্ৰীয় আহ্বায়কজনক ১৮ জানুৱাৰীত সোধাপোছাৰ বাবে সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছে বুলি দিল্লী চৰকাৰৰ বিষয়াসকলৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য যে ৫৫ বছৰীয়া কেজৰিৱালে ৩ জানুৱাৰীত তৃতীয়বাৰৰ বাবে ইডিৰ সন্মুখত হাজিৰ হ'বলৈ অস্বীকাৰ কৰি কৈছিল যে সংস্থাটোৰ 'প্ৰকাশ নকৰা আৰু সঁহাৰি নিদিয়া দৃষ্টিভংগীয়ে' আইন, সমতা বা ন্যায়ৰ পৰীক্ষা বৰ্তাই ৰাখিব নোৱাৰে ।
দিল্লীৰ মুখ্যমন্ত্ৰীক পূৰ্বতে যোৱা বছৰৰ ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত হাজিৰ হ'বলৈ কোৱা হৈছিল । অভিযোগ অনুসৰি, সুৰা ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে দিল্লী চৰকাৰৰ ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিয়ে অবৈধ ধন সৰবৰাহৰ পথ প্ৰশস্ত কৰে আৰু ইয়াৰ বাবে উৎকোচ দিয়া কিছুমান ডিলাৰৰ পক্ষ লয় । অৱশ্যে এই অভিযোগ আপে বাৰে বাৰে খণ্ডন কৰি আহিছে ।