নিউজ ডেস্ক,11 জানুৱাৰী:অবৈধ ধনৰ সৰবৰাহত জড়িত থকা সন্দৰ্ভত সোমবাৰে পশ্চিমবংগৰ 12 টা স্থানত অনুসন্ধান চলাই এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই 12 টা স্থানত অনুসন্ধান চলোৱা বুলি প্ৰকাশ কৰিছে বিত্তীয় অনুসন্ধানকাৰী সংস্থাটোৱে ৷
অবৈধ ধনৰ সৰবৰাহঃ পশ্চিমবংগৰ 12 টাকৈ স্থানত ইডিৰ অনুসন্ধান - অবৈধ ধনৰ সৰবৰাহত জড়িত
চিবিআইৰ এটা গোচৰৰ ওপৰত ভিত্তি কৰি এই অনুসন্ধান চলাইছে ই ডি য়ে ৷
![অবৈধ ধনৰ সৰবৰাহঃ পশ্চিমবংগৰ 12 টাকৈ স্থানত ইডিৰ অনুসন্ধান ed-searches-at-12-locations-in-west-bengal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10201783-265-10201783-1610364644499.jpg)
পশ্চিমবংগৰ 12 টাকৈ স্থানত ইডিৰ অনুসন্ধান
উল্লেখ্য যে,বিশেষ উৎসৰ পৰা পোৱা খবৰৰ ভিত্তিত সংস্থাটোৱে কেলেংকাৰীৰ সৈতে সম্পৰ্কিত কেইবাজনো লোকৰ কাৰ্যালয় আৰু বাসগৃহত অনুসন্ধান চলাই ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে অনুসন্ধানকাৰী সংস্থাটো ৷ চিবিআইৰ এটা গোচৰৰ ওপৰত ভিত্তি কৰি এই অনুসন্ধান চলাইছে ই ডি য়ে ৷