অসম

assam

ETV Bharat / bharat

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেণৰ প্ৰেছ উপদেষ্টাৰ বাসগৃহত পুৱাই ই ডিৰ অভিযান - press advisor of CM Soren

ED raids residence of press advisor of Jharkhand CM: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদৰ বাসগৃহত ই ডিৰ অভিযান ৷ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত প্ৰসাদৰ বাসগৃহত ই ডিয়ে তালাচী চলায় বুলি জানিব পৰা গৈছে ৷

ED raids residence of press advisor of jharkhand CM
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চোৰেণৰ প্ৰেছ উপদেষ্টাৰ বাসগৃহত পুৱাই ই ডিৰ অভিযান

By ANI

Published : Jan 3, 2024, 10:31 AM IST

নিউজ ডেস্ক, 3 জানুৱাৰী :বিপদত পৰিব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণ ৷ ক্ৰমান্বয়ে জাল চপাই আনিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিয়ে ৷ এ এন আই বাতৰি অনুসৰি, বুধবাৰে পুৱাৰ ভাগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদৰ বাসগৃহত অভিযান চলাইছিল ই ডিয়ে ৷ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত প্ৰসাদৰ বাসগৃহত ই ডিয়ে তালাচী চলাইছিল বুলি জানিব পৰা গৈছে ৷

কেৱল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেণৰ প্ৰেছ উপদেষ্টা অভিষেকৰ বাসগৃহতে নহয়, চাহেবগঞ্জৰ উপায়ুক্তৰ বাসগৃহকে ধৰি 12 টাকৈ স্থানত ই ডিয়ে তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 30 ডিচেম্বৰত ই ডিয়ে মুখ্যমন্ত্ৰী সোৰেণলৈ জাৰি কৰিছিল এখন চমন ৷ কেতিয়া ই ডিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ’ব তাৰ উত্তৰ বিচাৰি মুখ্যমন্ত্ৰী সোৰেণলৈ চমন জাৰি কৰিছিল ই ডিয়ে ৷

কিন্তু ই ডিৰ চমনক অবৈধ আখ্যা দিছিল মুখ্যমন্ত্ৰী হেমন্তে ৷ ইফালে, মানি লণ্ডাৰিং প্ৰতিৰোধ আইন 2002 ৰ অধীনত ই ডিয়ে সোৰেণলৈ জাৰি কৰা এইটো সপ্তমটো চমন আছিল ৷ য'ত তেওঁক তেওঁৰ সাক্ষ্য লিপিবদ্ধ কৰিবলৈ কোৱা হৈছিল ৷

উল্লেখ্য যে, বৰ্তমানলৈকে ই ডিয়ে প্ৰেৰণ কৰা ছয়টাকৈ চমন এৰাই চলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ভূমি কেলেংকাৰী গোচৰৰ সন্দৰ্ভত আগষ্ট মাহৰ মাজ ভাগত সোৰেণক প্ৰথমবাৰৰ বাবে ই ডিয়ে মাতি পঠিয়াইছিল । ইফালে ই ডিৰ সাতটা চমন আওকাণ কৰা মুখ্যমন্ত্ৰী হেমন্তে কি কৰাৰ উদ্দেশ্যত আছে তাকে লৈও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷ ইফালে দিনক দিনে মুখ্যমন্ত্ৰী সোৰেণ আৰু ইডিৰ মাজত বিবাদ তীব্ৰতৰ হৈ উঠিছে ৷

লগতে পঢ়ক :হেমন্ত চোৰেণৰ সময়সীমা শেষ, পৰৱৰ্তী পদক্ষেপ কি হ’ব ইডিৰ ?

ABOUT THE AUTHOR

...view details