নেশ্যনেল ডেস্ক, ২ জানুৱাৰী :বিপদে লগ এৰা নাই আম আদমী পাৰ্টীক ৷ এইবাৰ প্ৰৱৰ্তক সঞ্চালকালয়ৰ চকু পৰিল আপৰ বিধায়ক আমানতুল্লাহ খানৰ ওপৰত ৷ মঙলবাৰে প্ৰৱৰ্তক সঞ্চালকালয় চমুকৈ ED য়ে আপৰ বিধায়ক আমানতুল্লাহ খানৰ ৮টা স্থানত অভিযান চলায় ।
দিল্লী ৱক্ফ ব’ৰ্ডৰ সৈতে জড়িত জালিয়াতি আৰু ধন সৰবৰাহৰ সৈতে জড়িত থকা সন্দৰ্ভত ED য়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত এই অভিযান চলায় । তথ্য অনুসৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লী-এনচিআৰৰ ৮ টা স্থানত অভিযান চলাই প্ৰমাণ সংগ্ৰহ কৰে ।
বিধায়ক আমনাতুল্লাহ খানৰ বিৰুদ্ধে আছে ৱকফ ব’ৰ্ডত অনিয়মৰ অভিযোগ । অভিযোগ অনুসৰি খান যেতিয়া ব’ৰ্ডৰ অধ্যক্ষ আছিল তেতিয়া তেওঁ নিয়ম উলংঘা কৰি ৩২ জন লোকক নিযুক্তি দিছিল । ইডিয়েও ধন সৰবৰাহৰ তথ্য লাভ কৰি এই গোচৰত প্ৰৱেশ কৰে । এতিয়াও তদন্ত অব্যাহত আছে ।
যোৱা বছৰ এণ্টি কৰাপচন ব্যুৰোৱেও খানৰ সৈতে জড়িত ৫ টা ভিন্ন স্থানত অভিযান চলাইছিল, য’ত নগদ ১২ লাখ টকা, ১টা অনুজ্ঞাপত্ৰবিহীন বেৰেটা পিষ্টল আৰু ২টা ভিন্ন ব’ৰৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছিল।